Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

৩৯টা পদকৰে কমনৱেলথ গেমছৰ অভিযান সমাপ্ত ভাৰতৰ

Table of Content

দেওবাৰে ১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে ৷ ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ সৈতে ৩৯টা পদকৰে প্ৰতিয়োগিতাখনত চতুৰ্থ স্থান দখল কৰে ৷ বক্সিং চেম্পিয়ন জেচমিন লেম্ব’ৰিয়াক সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হিচাপে নিৰ্বাচিত কৰা হয় ৷গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত চাৰি বছৰ পূৰ্বৰ বাৰ্মিংহামৰ ২১০ জন খেলুৱৈৰ তুলনাত মাত্ৰ ১২২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ পাছতো ভাৰতে চতুৰ্থ স্থান অক্ষুণ্ণ ৰাখি পদক জয়ৰ হাৰ উন্নত কৰিলে ৷ পদক লৈ ঘৰলৈ উভতি আহিল ৩৯ গৰাকী খেলুৱৈ । দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলৱীৰ সিং আছিল একমাত্ৰ ভাৰতীয় যিয়ে দুটা পদক লাভ কৰিছিল ।২০৩০ চনৰ কমনৱেলথ গেমছ হ’ব শতবাৰ্ষিকী সংস্কৰণ আৰু ভাৰতক এই প্ৰতিযোগিতাখন আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছে ৷ গুজৰাটৰ আহমেদাবাদত ২০৩০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব ৷ সামৰণি অনুষ্ঠানত কমনৱেলথ গেমছৰ পতাকা আৰু বেটন ভাৰতক অৰ্পণ কৰা হয় ৷ ভাৰতৰ হৈ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা, ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ অধ্যক্ষ পি টি উষা আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীয়ে পতাকা আৰু বেটন গ্ৰহণ কৰে ৷

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us