Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বিশ্বজুৰি তেলৰ মূল্য ৫শতাংশ বৃদ্ধি…

Table of Content

মধ্যপ্ৰাচ্যত পুনৰ সৃষ্টি হোৱা তীব্ৰ সামৰিক উত্তেজনাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনীতিত এক ডাঙৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে।আমেৰিকাই ইৰানৰ ওপৰত চলোৱা নতুন সামৰিক আক্ৰমণৰ পাছতেই দুয়োখন দেশৰ মাজত বৰ্তি থকা যুদ্ধবিৰতি চুক্তিৰ অন্ত পৰা বুলি স্পষ্ট ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই বিস্ফোৰক ঘোষণাৰ লগে লগেই বিশ্ব বজাৰত খাৰুৱা তেলৰ (Crude Oil) মূল্য হঠাতে ৫ শতাংশতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত বিশ্বজুৰি ইন্ধনৰ নাটনি আৰু মুদ্ৰাস্ফীতিৰ আশংকা ঘনীভূত হৈ পৰিছে।তুৰস্কৰ আংকাৰাত অনুষ্ঠিত নাট’ (NATO) সন্মিলনত এক সংবাদ মেল সম্বোধন কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অত্যন্ত আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে।এই সামৰিক সংঘাতৰ কু-প্ৰভাৱ কেৱল তেলৰ বজাৰতে সীমাবদ্ধ থকা নাই, বৰঞ্চ ইয়াৰ প্ৰভাৱত আমেৰিকাৰ ৱাল ষ্ট্ৰীটৰ পৰা আৰম্ভ কৰি ইউৰোপ আৰু এছিয়াৰ শ্বেয়াৰ বজাৰসমূহতো তীব্ৰ খহনীয়া দেখা গৈছে। বিনিয়োগকাৰীসকলৰ মাজত সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবে বিভিন্ন কোম্পানীৰ অংশীদাৰিত্বৰ মূল্য হ্ৰাস পাইছে।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us