Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

এদিনীয়া শৃংখলাত বিৰাট কোহলীৰ আটাইতকৈ হতাশাজনক প্ৰদৰ্শন

Table of Content

ভাৰতীয় তাৰকা বিৰাট কোহলীয়ে শেহতীয়াকৈ আয়োজক নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাটোত অতি নিৰাশাজনক প্ৰদৰ্শন আগবঢ়ায়। নিজৰ ধাৰাবাহিকতা আৰু চাপৰ মাজতো ৰান সংগ্ৰহ কৰাৰ দক্ষতাৰ বাবে পৰিচিত সোঁহতীয়া বেটছমেনগৰাকীয়ে পাঁচখনীয়া এদিনীয়া শৃংখলাটোত ফৰ্ম ঘূৰাই পাবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। তেওঁ চাৰিটা ইনিংছত ২১.৫ গড়ে মুঠ মাত্ৰ ৮৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। শৃংখলাটোৰ প্ৰথমখন এদিনীয়াত ৫১টা বলত ৭৪ ৰানৰ এক আকৰ্ষণীয় ইনিংছ খেলাৰ পাছত পৰৱৰ্তী মেচসমূহত কোহলীয়ে আশা কৰা ধৰণে প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয়। তেওঁৰ পৰৱৰ্তী তিনিটা ইনিংছৰ স্ক’ৰ আছিল ক্ৰমে ৭, ০ আৰু ৫। কেৰিয়াৰত এয়া দ্বিতীয়বাৰৰ বাবে তেওঁ কোনো দ্বিপাক্ষিক এদিনীয়া শৃংখলাত তিনিবাৰকৈ একক সংখ্যাত আউট হৈছে।

ন্যূনতম চাৰিবাৰ বেটিং কৰা কোনো এদিনীয়া শৃংখলা বা প্ৰতিযোগিতাত ২১.৫ গড় হৈছে কোহলীৰ চতুৰ্থ সৰ্বনিম্ন গড়। ভাৰতৰ ২০১৪ চনৰ ইংলেণ্ড ভ্ৰমণ ছুইং বলৰ বিৰুদ্ধে কোহলীৰ দুৰ্বলতাৰ বাবে বিশেষভাৱে চৰ্চিত হৈছিল। অৱশ্যে বেছিভাগ অনুৰাগীয়ে টেষ্ট শৃংখলাত তেওঁৰ সংগ্ৰামৰ কথা মনত ৰাখিলেও, এদিনীয়া শৃংখলাতো তেওঁৰ প্ৰদৰ্শন তেনেই সাধাৰণ আছিল। প্ৰথমখন মেচত শূন্যতে আউট হোৱাৰ পাছত কোহলীৰ পৰৱৰ্তী তিনিটা স্ক’ৰ আছিল ৪০, অপৰাজিত ১ আৰু ১৩। ফলস্বৰূপে, শৃংখলাটোত তেওঁ ১৮ গড়ে মুঠ ৫৪ ৰান সংগ্ৰহ কৰে। ২০১০ চনৰ এছিয়া কাপত ভাৰতে খিতাপ দখল কৰিবলৈ সক্ষম হ’লেও কোহলীৰ বাবে প্ৰতিযোগিতাখন যথেষ্ট কঠিন আছিল। চাৰিটা ইনিংছত তেওঁ ক্ৰমে ১১, ১৮, ১০ আৰু ২৮ ৰান সংগ্ৰহ কৰিছিল।

এবাৰো একক সংখ্যাত আউট নোহোৱা সত্ত্বেও কোহলীয়ে ১৬.৭৫ গড়ে মুঠ ৬৭ ৰানেৰে প্ৰতিযোগিতাখন সামৰে। উল্লেখযোগ্য যে, ইয়াৰে ২৮ ৰান আহিছিল শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত ফাইনেল মেচখনত।  ২০১৫ চনৰ বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ত্ৰিদেশীয় শৃংখলাটোত (য’ত ইংলেণ্ডো আছিল) ভাৰতে এখনো মেচত জয়লাভ কৰিব পৰা নাছিল আৰু কোহলীয়েও অতি শোচনীয় প্ৰদৰ্শন আগবঢ়াইছিল। শৃংখলাটোত তেওঁ এবাৰো দুটা সংখ্যাৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে; তেওঁৰ স্ক’ৰসমূহ আছিল ক্ৰমে ৯, ৪, অপৰাজিত ৩ আৰু ৮। যাৰ ফলত শৃংখলাটোত তেওঁ মাত্ৰ ৮ গড়ে মুঠ ২৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us