সামাজিক ব্যাধি স্বৰূপ বাল্যবিবাহ নিৰ্মূল কৰাৰ লক্ষ্যৰে বিগত পাঁচ বছৰ ধৰি ধাৰাবাহিকভাৱে কঠোৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা শেহতীয়া তথ্য অনুসৰি, ২০২১ চনৰ পৰা বৰ্তমানলৈকে অসমত বাল্যবিবাহ সম্পৰ্কীয় গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুঠ ৬,৭০৫ জন লোকক।
চৰকাৰী তথ্য অনুসৰি, বাল্যবিবাহৰ বিৰুদ্ধে ২০২৩ চনত ৰাজ্যজুৰি আৰক্ষীয়ে আৰম্ভ কৰা ব্যাপক অভিযানৰ সময়তে সৰ্বাধিক ৪,৮৫৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। কেইবাটাও পৰ্যায়ত চলোৱা এই অভিযানত কেৱল নাবালিকাক বিয়া কৰোৱা দৰাই নহয়, এনে অবৈধ বিবাহৰ আয়োজন কৰা অভিভাৱক, কাজী আৰু পুৰোহিতসকলকো বাল্যবিবাহ নিষেধাজ্ঞা আইন তথা পকছ’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। আনহাতে, চলিত ২০২৬ বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰ মাহৰ ভিতৰতে ৰাজ্যখনত বাল্যবিবাহৰ গোচৰত আন ৬৪৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ইয়াৰ উপৰি বাকী ১,২০৬ জন অভিযুক্তক ২০২১, ২০২২, ২০২৪ আৰু ২০২৫ বৰ্ষৰ বিভিন্ন সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল।
উল্লেখ্য যে, ২০২৬ চনৰ ভিতৰত অসমৰ পৰা বাল্যবিবাহৰ প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। এই লক্ষ্য বাস্তৱায়িত কৰিবলৈ আৰক্ষীৰ কঠোৰ অভিযানৰ সমান্তৰালকৈ বিবাহ পঞ্জীয়ন ব্যৱস্থাতো আমূল সংস্কাৰ সাধন কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ অংশ হিচাপে ২০২৪ চনত চৰকাৰে ব্ৰিটিছ আমোলৰ ‘অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫’ বাতিল কৰি নতুন বিবাহ পঞ্জীয়ন আইন প্ৰণয়ন কৰে। ইয়াৰ জৰিয়তে পূৰ্বৰ কাজী প্ৰথা বিলুপ্ত কৰি চৰকাৰী পঞ্জীয়ন বাধ্যতামূলক কৰাৰ ফলত অপ্রাপ্তবয়স্ক ল’ৰা-ছোৱালীৰ বিবাহ পঞ্জীয়নৰ বাট বন্ধ হৈ পৰে। তদুপৰি ছাত্ৰীসকলক উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰি বাল্যবিবাহ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ‘নিযুত মইনা’ৰ দৰে বিশেষ আঁচনিও ৰূপায়ণ কৰি আহিছে।








