১০ অক্টোবৰত যন্তৰ মন্তৰৰ প্ৰস্তাৱিত চিজেপিৰ প্ৰতিবাদক লৈ শংকিত হৈ পৰিছে চৰকাৰ। ইতিমধ্যেই ৰাজধানীত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী। তাৰ পিছতো প্ৰতিবাদলৈ যাতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদী আহিব নোৱাৰে, তাৰ বাবে এক অভূতপূৰ্ব ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। প্ৰতিবাদৰ দিনাই দিল্লীমুখী একাধিক গুৰুত্বপূৰ্ণ মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ চলাচল বাতিল কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’ল কৰ্তৃপক্ষই।
ৰে’ল বোৰ্ডৰ নিৰ্দেশনা অনুসৰি, অহা ১০ অক্টোবৰৰ পুৱা ৪ বজাৰ পৰা বিয়লি ২ বজাৰ ভিতৰত নতুন দিল্লী আৰু হজৰত নিজামুদ্দিন ৰে’ল ষ্টেচনত প্ৰৱেশ কৰিবলগীয়া কেইবাখনো মেইল আৰু এক্সপ্ৰেছ ৰে’ল সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। এই দুয়োটা গুৰুত্বপূৰ্ণ ষ্টেচনৰ সমীপৱৰ্তী পথসমূহত ভয়ংকৰ যান-জঁটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আৰু সাধাৰণ যাত্ৰীৰ অসুবিধাৰ অজুহাত দেখুৱাই এই সিদ্ধান্ত লোৱা বুলি প্ৰশাসনিকভাৱে দাবী কৰা হৈছে।
কৰ্তৃপক্ষৰ এই নিৰ্দেশনাত স্পষ্ট কৰা হৈছে যে ৯ অক্টোবৰ, শুকুৰবাৰে বিয়লি ২ বজাৰ পিছত যিবোৰ ৰে’ল নিজৰ আৰম্ভণি স্থানৰ পৰা ৰাওনা হৈ শনিবাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত দিল্লীত উপস্থিত হোৱাৰ কথা আছিল, সেই সকলোবোৰ ৰে’ল আৰম্ভণি স্থানৰ পৰাই বাতিল কৰা হ’ব।
উল্লেখ্য যে, ১০ অক্টোবৰত ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিয়ে দিল্লীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। বিভিন্ন ৰাজ্যৰ পৰা যাতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈ ৰাজধানী অচল কৰি তুলিব নোৱাৰে, তাৰ বাবেই ৰে’ল সেৱা বন্ধ কৰি আন্দোলনক বাধা দিয়াৰ এই কৌশল অৱলম্বন কৰা বুলি চৰ্চা চলিছে। হঠাতে এনেদৰে একাধিক ৰে’ল বাতিল কৰাৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দিল্লীলৈ যাত্ৰা কৰিবলগীয়া সাধাৰণ যাত্ৰীসকল চৰম দুৰ্ভোগৰ সন্মুখীন হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে।








