Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নানা পাটেকাৰৰ বিয়োগৰ পিছতে বিতৰ্কিত মন্তব্য অভিনেত্ৰী তনুশ্ৰী দত্তৰ; আখ্যা দিলে ‘চয়তান’ আৰু ‘অহংকাৰী’

Table of Content

এটা সোণালী অধ্যায়ৰ সামৰণি মাৰি গুচি গ’ল প্ৰসিদ্ধ ভাৰতীয় অভিনেতা নানা পাটেকাৰ! যশস্বী অভিনেতাগৰাকীৰ আকস্মিক বিয়োগৰ পিছতে শোকত ভাগি পৰিছে সমগ্ৰ দেশ। ৰাজনৈতিক মহলৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকাসকল আৰু অগণন অনুৰাগীয়ে প্ৰবীণ অভিনেতাজনক চকুলোৰে শেষ বিদায় জনাইছে। কিন্তু সমগ্ৰ দেশ শোকস্তব্ধ হৈ থকাৰ সময়তে এক অত্যন্ত বিতৰ্কিত আৰু বিস্ফোৰক মন্তব্য কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অভিনেত্ৰী তনুশ্ৰী দত্তই।

৮ অক্টোবৰত লক্ষ্ণৌত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ তনুশ্ৰীয়ে নানা পাটেকাৰৰ মৃত্যুক লৈ কোনো সমবেদনা জ্ঞাপন নকৰি ওলোটাই আনন্দ প্ৰকাশ কৰে। পূৰ্বে নানা পাটেকাৰৰ বিৰুদ্ধে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগত আজিও ১০০ শতাংশ অটল বুলি উল্লেখ কৰি তেওঁ কয়, “তেওঁ আৰু দহটা জনম ল’লেও মোৰ অভিযোগ একেই থাকিব। যি সত্য, সেয়া সদায় সত্য।”

অভিনেত্ৰীগৰাকীয়ে প্ৰয়াত অভিনেতাজনক চৰম ‘অহংকাৰী’ বুলি আখ্যা দি কয় যে তেওঁ চলাই থকা অত্যাচাৰৰ বাবেই ঈশ্বৰে তেওঁৰ প্ৰাণ কাঢ়ি ল’লে। তনুশ্ৰীয়ে কয়, “এই চয়তানটো ৰৈ থকা নাছিল, অহৰহ মোক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল। এটা বন্ধ হ’লে আন এটা সমস্যাৰ সৃষ্টি কৰিছিল। মোৰ মুখ্য সাক্ষীৰ শপতনামা আদালতত দাখিল কৰাৰ পিছতো যিদিনা শুনানি আছিল, সেইদিনাই গোচৰটো বন্ধ কৰি দিয়া হৈছিল।”

অভিনেতাগৰাকীৰ মৃত্যুক সামাজিক মাধ্যমত ‘Evil Dead’ আখ্যা দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতো তনুশ্ৰীয়ে কোনো অনুশোচনা প্ৰকাশ নকৰিলে। তেওঁ জনায় যে যোৱা কেইবাবছৰো ধৰি তেওঁ যি নৰকীয় যন্ত্ৰণা ভোগ কৰিলে, তাৰ ভিত্তিত নানা পাটেকাৰ তেওঁৰ দৃষ্টিত এজন ‘চয়তান’ৰ বাহিৰে আন একো নহয়। গোচৰ প্ৰত্যাহাৰ কৰিবলৈ তেওঁক ধনৰ প্ৰলোভন দিয়াৰ লগতে গাড়ীৰ ব্ৰেক কাটি হত্যাৰো চেষ্টা কৰা হৈছিল বুলি দাবী কৰে অভিনেত্ৰীগৰাকীয়ে।

এফালে যেতিয়া ৰাজ্যিক মৰ্যাদাৰে নানা পাটেকাৰক অন্তিম বিদায় দিয়াৰ প্ৰস্তুতি চলিছে আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবছিকে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছে, তেনে সময়ত এজন সদ্যপ্ৰয়াত ব্যক্তিৰ বিৰুদ্ধে তনুশ্ৰী দত্তই কৰা এনে তীব্ৰ আক্ৰমণাত্মক আৰু ক্ষোভভৰা মন্তব্যই বলীউড তথা সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us