Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নেপালৰ বানত প্ৰাণৰক্ষাৰ অনন্য নিদৰ্শন; মাত্ৰ ৬ দিনত ১০০ টা সফল উদ্ধাৰ অভিযান চলাই চৰ্চাত প্ৰথম মহিলা মহিলা পাইলট প্ৰিয়া অধিকাৰী

Table of Content

ভয়ংকৰ বান আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰা নেপালত যেন জীৱনদায়িনী দূত হৈ পৰিছে এগৰাকী মহিলা পাইলট। নেপালৰ প্ৰথমগৰাকী মহিলা হেলিকপ্টাৰ কেপ্তেইন প্ৰিয়া অধিকাৰীৰ দুঃসাহসিক উদ্ধাৰ অভিযানে এতিয়া বিশ্বজুৰি লাভ কৰিছে চৰ্চা। দুৰ্যোগৰ মাজতেই বিমান উৰুৱাই মাত্ৰ ছয়টা দিনৰ ভিতৰত প্ৰায় ১০০ টা বিপজ্জনক উদ্ধাৰ অভিযান সফলভাৱে সম্পন্ন কৰে সাহসী পাইলটগৰাকীয়ে।

ৰাছুৱা জিলাৰ তিমুৰে অঞ্চলকে ধৰি নেপাল-তিব্বত সীমান্তৰ চৰম দুৰ্গম এলেকা সমূহত নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কাৰ্য চলায় প্ৰিয়া অধিকাৰীয়ে। মন কৰিবলগীয়া যে, বান আৰু ভূমিস্খলনত পাহাৰীয়া পথ আৰু দলং উভালি যোৱাত বিচ্ছিন্ন হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে হেলিকপ্টাৰেই আছিল একমাত্ৰ উপায়। হিমালয়ৰ অতি ঠেক উপত্যকা, প্ৰতিকূল বতৰ আৰু নামিবলৈ স্থানৰ চৰম অভাৱৰ মাজতো অবিৰতভাৱে উৰণ চলাই যায় তেওঁ।

অভিযানৰ জটিলতা সন্দৰ্ভত পোৱা তথ্য মতে, ঠেক উপত্যকাটোত একে সময়তে প্ৰায় ২০ খন হেলিকপ্টাৰে উদ্ধাৰ কাৰ্য চলোৱাৰ বাবে পাইলটসকলৰ মাজত অহৰহ যোগাযোগ আৰু সমন্বয় ৰক্ষাৰ প্ৰয়োজন হৈছিল। এনে প্ৰত্যাহ্বানৰ মাজতো অধিকাৰীয়ে আৱদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ অনাৰ লগতে যোগাযোগহীন হৈ পৰা অঞ্চলৰ পৰা মৃতদেহসমূহো উদ্ধাৰ কৰে।

উল্লেখ্য যে, পৰিৱেশ বিজ্ঞানৰ স্নাতক প্ৰিয়া অধিকাৰীয়ে প্ৰথমে কেবিন ক্ৰু হিচাপে কৰ্মজীৱন আৰম্ভ কৰিলেও পৰৱৰ্তী সময়ত ফিলিপাইনছৰ পৰা বৈমানিক প্ৰশিক্ষণ গ্ৰহণ কৰে। ২০১৭ চনৰ পৰা পূৰ্ণকালীন হেলিকপ্টাৰ পাইলট হিচাপে কাৰ্যনিৰ্বাহ কৰা অধিকাৰীয়ে হিমালয়ৰ অতি উচ্চতাত সন্ধান আৰু উদ্ধাৰ অভিযানৰ এগৰাকী দক্ষ বিশেষজ্ঞ হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।

পূৰ্বতে মাউণ্ট এভাৰেষ্ট অঞ্চলৰ প্ৰায় ৬,২০০ মিটাৰ উচ্চতাত সংকটত পৰা পৰ্বতাৰোহীক উদ্ধাৰ কৰাৰ লগতে নেপালৰ বিধ্বংসী ভূমিকম্পৰ সময়তো তেওঁ অভিযানত অংশ লৈছিল। কিন্তু সেই অভিজ্ঞতাৰ তুলনাত শেহতীয়া এই বান পৰিস্থিতি অধিক জটিল আৰু প্ৰত্যাহ্বানজনক বুলি উল্লেখ কৰে কেপ্টেইন অধিকাৰীয়ে। পুৰুষপ্ৰধান ক্ষেত্ৰখনত নেপালৰ প্ৰথমগৰাকী মহিলা হেলিকপ্টাৰ কেপ্টেইন হিচাপে এনে মানৱীয় দায়িত্ব নিষ্ঠাৰে পালন কৰি তেওঁ দেশখনত সাহসিকতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us