Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বাংলাদেশলৈ বহিষ্কাৰ কৰা মহিলাৰ স্বামীক দুই লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Table of Content

পৰিয়ালৰ অজ্ঞাতে এগৰাকী মহিলাক বাংলাদেশলৈ বহিষ্কাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰক তীব্ৰ ভৰ্ৎসনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পাছতেই বাংলাদেশলৈ পুশ্ববেক কৰা বঙালীভাষী মুছলমান মহিলাগৰাকীৰ স্বামীক অন্তৱৰ্তীকালীন ক্ষতিপূৰণ হিচাপে নগদ দুই লাখ টকা দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

নগাঁও জিলাৰ জুৰীয়াৰ বাসিন্দা মুজাম্মেল হক নামৰ ব্যক্তিজনে দাখিল কৰা এক বন্দী প্ৰত্যক্ষীকৰণ আবেদনৰ ভিত্তিত আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ খণ্ডপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰে।

জানিব পৰা মতে, মমতাজ বেগম নামৰ মহিলাগৰাকীক দেশৰ পৰা বিতাড়ন কৰাৰ পূৰ্বে স্বামী বা পৰিয়ালৰ কোনো প্রাপ্তবয়স্ক সদস্যক কোনো ধৰণৰ তথ্য জনোৱা হোৱা নাছিল। সমগ্ৰ বিষয়টো অন্ধকাৰত ৰাখি এনেদৰে সীমা পাৰ কৰাই দিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ভুক্তভোগী স্বামী।

শুনানিৰ সময়ত বিচাৰপীঠে স্পষ্টভাৱে আঙুলিয়াই দিয়ে যে মহিলাগৰাকীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত পৰিয়ালটোৱে কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাছিল। সেয়েহে নিৰ্দেশনা প্ৰদানৰ ৬০ দিনৰ ভিতৰত উক্ত দুই লাখ টকা মুজাম্মেল হকক আদায় দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া হৈছে। লগতে অতিৰিক্ত ন্যায়িক সকাহৰ বাবে ভুক্তভোগী পৰিয়ালে দেৱানী আদালতৰ কাষ চপাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব বুলিও খণ্ডপীঠে স্পষ্ট কৰি দিয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us