Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

দুই সন্তান নীতিক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন; দুটাতকৈ অধিক সন্তান থাকিলে নিৰ্বাচন খেলিব নোৱাৰা নিয়মক লৈ চৰ্চা সৰ্বোচ্চ আদালতত

Table of Content

দেশত প্ৰজননৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ সময়তে দুটাতকৈ অধিক সন্তান থকা ব্যক্তিক স্থানীয় নিকায় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰা আইনী ব্যৱস্থাক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। পৰিৱৰ্তিত জনসাংখ্যিকীয় প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি এনে নিষেধাজ্ঞাই নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে বুলি সৰ্বোচ্চ আদালতে ইংগিত দিয়ে।

ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আলোক অৰাধেৰ গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰি পৰ্যবেক্ষণ কৰে যে ২০০৩ চনত ভাৰতৰ মুঠ প্ৰজনন হাৰ ৩ আছিল যদিও বৰ্তমান সেয়া ১.৯ লৈ হ্ৰাস পাইছে- যিটো জনসংখ্যা সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰতিস্থাপন হাৰ ২.১ তকৈ যথেষ্ট কম। ইয়াৰ উপৰি সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ অধীনত প্ৰজননৰ ব্যক্তিগত স্বাধীনতাক লৈও উচ্চতম ন্যায়ালয়ে বিশেষ উদ্বেগ প্ৰকাশ কৰে।

মহাৰাষ্ট্ৰৰ পূৰ্বৰ সৰপঞ্চ মংগলা ভীমৰাও ইংলেৰ এক আবেদনৰ শুনানিৰ সময়তে বিচাৰপীঠে এই মন্তব্য কৰে। তৃতীয় সন্তান লাভৰ বাবে ইংলেক সৰপঞ্চ পদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে তেওঁৰ অযোগ্যতাৰ নিৰ্দেশ খাৰিজ কৰাৰ লগতে দুই সন্তান নীতিৰ সাংবিধানিক বৈধতা অধিক বিবেচনাৰ বাবে এক বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us