দিল্লীত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী (এছআইআৰ) প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগৰ পৰা বিস্তৃত তথ্য তলব কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে উক্ত সংশোধনী প্ৰক্ৰিয়াৰ সময়ত দাখিল হোৱা ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰৰ একত্ৰিত তথ্য দাখিল কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে। সমাজকৰ্মী অঞ্জলি ভৰদ্বাজ আৰু আন এগৰাকী আবেদনকাৰীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ২ ডিচেম্বৰলৈ পিছুৱাই দিয়ে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে দিল্লীৰ এছ আই আৰ প্ৰক্ৰিয়াৰ সময়ত জাননী জাৰি কৰা ভোটাৰসকলৰ তালিকা আৰু কাৰণসমূহ ৰাজহুৱা কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ বিচৰা অঞ্জলি ভৰদ্বাজৰ আবেদনখনৰ শুনানি গ্ৰহণ কৰিছিল। শুনানি কালত আবেদনকাৰীৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণে কয় যে শুনানিৰ মাত্ৰ এদিন পূৰ্বে নিৰ্বাচন আয়োগে নিজৰ ৱেবছাইটত উকা প্ৰ-পত্ৰ আপলোড কৰিছে। সেয়েহে ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰৰ জৰিয়তে কিমানজনে আবেদন জনাইছে, তাৰ তথ্য তালিকাভুক্ত কৰিবলৈ আয়োগক নিৰ্দেশ দিবলৈ অধিবক্তাগৰাকীয়ে আদালতক অনুৰোধ জনায়।
উল্লেখযোগ্য যে, নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৬ নম্বৰ প্ৰ-পত্ৰ, বৰ্তমানৰ তালিকাৰ পৰা নাম কৰ্তন বা আপত্তি দৰ্শাবলৈ ৭ নম্বৰ প্ৰ-পত্ৰ আৰু ব্যক্তিগত তথ্য সংশোধন কৰিবলৈ ৮ নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ পূৰ্বে যোৱা ২৮ অক্টোবৰত আদালতে অনুপস্থিত, স্থানান্তৰিত, মৃত আৰু ভুৱা ভোটাৰৰ ক্ষেত্ৰত ৬ নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ কৰাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে তেওঁলোকক ৮ নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ কৰাৰ অনুমতি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল।
ইফালে, কংগ্ৰেছ নেতা আলী মেহদীয়ে দাখিল কৰা আন এখন পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি একেখন বিচাৰপীঠে কয় যে ভুৱা ৭ নম্বৰ প্ৰ-পত্ৰ দাখিল কৰা বুথ পৰ্যায়ৰ এজেণ্টসকলৰ (বিএলএ) বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ক্ষমতা কেৱল তেওঁলোকক ব্লেক লিষ্টেড কৰাতেই সীমাবদ্ধ। এই সন্দৰ্ভত ন্যায়াধীশ বাগচীয়ে মন্তব্য কৰে যে ইয়াৰ বাহিৰে আয়োগৰ হাতত আন কোনো নিয়ন্ত্ৰণ নাথাকে।








