Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

দুটা ময়ূৰ আৰু ত্ৰিৰংগা: স্বাধীনতা দিৱসত পুৰী সাগৰত সুদৰ্শনৰ বিশেষ উপহাৰ

Table of Content

স্বাধীনতা দিৱসৰ উছাহৰ মাজতে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা বহন কৰা এক বিশেষ বলুকাশিল্পই দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ। শুকুৰবাৰে পুৰীৰ সাগৰ পাৰত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বলুকাশিল্পী সুদৰ্শন পাটনায়কে ভাৰতৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এই বিশেষ শিল্পকৰ্মটো নিৰ্মাণ কৰে।

‘স্বাধীনতা দিৱসৰ শুভেচ্ছা, বৈচিত্ৰ্যৰ মাজত ঐক্য’ বাৰ্তা বহন কৰা ৭ ফুট উচ্চতাৰ বলুকাশিল্পটোৰ মাজত স্থান লাভ কৰিছে ভাৰতীয় ত্ৰিৰংগাই। দুয়োকাষে থকা দুটা ময়ূৰে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, সৌন্দৰ্য আৰু ঐক্যৰ প্ৰতীক হিচাপে প্ৰতিফলিত কৰিছে বিষয়বস্তুটো।

এই শিল্পকৰ্ম নিৰ্মাণত সুদৰ্শন ছেণ্ড আৰ্ট ইনষ্টিটিউটৰ শিক্ষাৰ্থীসকলেও সহযোগ কৰে। ত্ৰিৰংগাৰ গেৰুৱা ৰঙে সাহস আৰু ত্যাগ, বগাই শান্তি আৰু সত্য, সেউজীয়াই সমৃদ্ধি আৰু প্ৰগতিৰ বাৰ্তা বহন কৰাৰ বিপৰীতে অশোক চক্ৰই ন্যায় আৰু নিৰন্তৰ অগ্ৰগতিৰ প্ৰতীক হিচাপে স্থান লাভ কৰিছে।

এই উপলক্ষে সুদৰ্শন পাটনায়কে কয়, “ভাৰতৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰতিগৰাকী ভাৰতীয়লৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই বলুকাশিল্পৰ জৰিয়তে স্বাধীনতা, ঐক্য আৰু দেশপ্ৰেমৰ ভাবনা উদযাপন কৰিব বিচাৰিছোঁ।”

তেওঁ লগতে কয়, “ত্ৰিৰংগাই আমাক সদায় ঐক্যবদ্ধ হৈ থাকিবলৈ অনুপ্ৰেৰণা দিয়ে। শক্তিশালী, শান্তিপূৰ্ণ আৰু সমৃদ্ধ ভাৰত গঢ়াৰ বাবে আমি একেলগে কাম কৰিব লাগে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us