Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বাগেশ্বৰ ধামত জাতীয় পতাকা উত্তোলন কৰি দেশভক্তিৰ আহ্বান ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

Table of Content

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কথাবাচক ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে। মধ্যপ্ৰদেশৰ ছত্ৰপুৰস্থিত বাগেশ্বৰ ধামৰ বৈদিক গুৰুকুলমত আয়োজিত এই অনুষ্ঠানত ভক্ত আৰু শিক্ষাৰ্থীসকলক সম্বোধন কৰি তেওঁ কয় যে মাতৃভূমিৰ প্ৰতি আনুগত্য সকলোৰে বাবে অপৰিহাৰ্য।

দেশবিৰোধী শক্তিক সকীয়নী প্ৰদান কৰি শাস্ত্ৰীয়ে মন্তব্য কৰে, “দেশৰ অখণ্ডতা বিনষ্ট কৰিব খোজা লোকসকলে ইয়াৰ বাবে চৰম মূল্য ভৰিব লাগিব। যিসকল প্ৰকৃত ৰামভক্ত, তেওঁলোকেই প্ৰকৃত ৰাষ্ট্ৰভক্ত। দেশৰ জাতীয় পতাকা বতাহৰ বাবে নহয়, জোৱানসকলৰ ত্যাগ আৰু উশাহৰ বলতহে সগৌৰৱেৰে উৰি থাকে।”

দেশৰ ভৱিষ্যৎ নিৰ্মাণত যুৱ প্ৰজন্মই মুখ্য ভূমিকা ল’ব লাগিব বুলি উল্লেখ কৰে কথাবাচক শাস্ত্ৰীয়ে। বিশেষকৈ ‘জেন-জি’ প্ৰজন্মৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰি তেওঁ দেশবাসীৰ প্ৰতি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us