Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ছত্তীশগড়ত খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মলৈ উভতিল ১০০টা পৰিয়ালৰ ৫০০ লোক

Table of Content

গুৰুতৰভাৱে অসুস্থ স্বামীক সুস্থ কৰি তোলাৰ আশাত গ্ৰহণ কৰিছিল খ্ৰীষ্টান ধৰ্ম, আশ্ৰয় লৈছিল বিশেষ প্ৰাৰ্থনা সভাৰ পৱিত্ৰ জল আৰু তেলৰো! কিন্তু এই সকলোবোৰ বিফল হৈ স্বামীয়ে অকাল মৃত্যুক সাৱটি লোৱাৰ পিছতে মোহভংগ ঘটি পুনৰ স্বধৰ্মলৈ উভতি আহিল এগৰাকী মহিলা। ছত্তীশগড়ৰ সক্তী জিলাত মিছনেৰীৰ প্ৰলোভনত পৰি ধৰ্মান্তৰিত হোৱা এইগৰাকী মহিলাকে ধৰি মুঠ ১০০টা পৰিয়ালৰ ৫০০ গৰাকী লোকে শেহতীয়াকৈ খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে।

সক্তী জিলাৰ ঘণ্টাঘৰ মুক্তাংগনত অনুষ্ঠিত ‘হিন্দুত্ব ৰক্ষক সন্মান সমাৰোহ’ত সক্তী আৰু কোৰবা জিলাৰ বনাঞ্চলৰ জনজাতীয় লোককে ধৰি আন সম্প্ৰদায়ৰ মুঠ ৫০০ গৰাকী ধৰ্মান্তৰিত লোকক বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে পুনৰ হিন্দু ধৰ্মলৈ আদৰি অনা হয়। অনুষ্ঠানত উপস্থিত থকা লোকসকলৰ ভৰি ধুৱাই স্বধৰ্মলৈ আনুষ্ঠানিকভাৱে স্বাগতম জনায় উদ্যোক্তাসকলে। এই অনুষ্ঠানতে সক্তী জিলাৰ বাসিন্দা সমৰীন বাঈ সতনামী নামৰ মহিলাগৰাকীয়ে নিজৰ তিক্ত অভিজ্ঞতা ব্যক্ত কৰে।

তেওঁ কয় যে দিনহাজিৰা কৰা স্বামীৰ অসুখ ভাল হোৱাৰ আশাত মিছনেৰীৰ কথাত ভোল গৈ তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ পিছত নিয়মীয়াকৈ ‘চংগাই সভা’ত (আৰোগ্য প্ৰাৰ্থনা সভা) অংশ লৈ পৱিত্ৰ জল আৰু তেল ব্যৱহাৰ কৰিছিল যদিও স্বামীৰ অসুখ ভাল নহ’ল। অৱশেষত স্বামীৰ মৃত্যু হোৱাত এনে প্ৰাৰ্থনাৰ ওপৰত থকা সকলো বিশ্বাস হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰি সমৰীন বাঈয়ে ধৰ্মান্তৰকৰণক জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলি অভিহিত কৰে।

অনুষ্ঠানত সক্তী জিলাৰ বগবুড়াৰ লতা সাহু নামৰ আন এগৰাকী মহিলাইও শুনায় অনুৰূপ কাহিনী। প্ৰায় তিনি বছৰ পূৰ্বে কিছু লোকৰ কথাত পতিয়ন গৈ তেওঁ এনে এখন প্ৰাৰ্থনা সভাত অংশ লৈছিল। তাত এজন পাদ্ৰীয়ে তেওঁৰ ৰুগীয়া স্বামীক সুস্থ কৰি তোলাৰ আশ্বাস দিয়াত তেওঁ ধৰ্ম সলনি কৰে। কিন্তু প্ৰাৰ্থনা সভাত দিয়া পৱিত্ৰ জল আৰু তেলে স্বামীৰ স্বাস্থ্যৰ কোনো উন্নতি সাধন নকৰিলে। বৰ্তমান অন্ধবিশ্বাসৰ পৰা ওলাই আহি স্বামীক চিকিৎসালয়ত চিকিৎসা কৰাই থকা লতা সাহুৱে কয় যে মিছনেৰীৰ কথাত ভোল গৈ ধৰ্ম সলনি কৰাটো তেওঁৰ চৰম মূৰ্খামি আছিল।

এই সমাৰোহত অংশগ্ৰহণ কৰি মহামণ্ডলেশ্বৰ স্বামী অনিলানন্দই অভিযোগ তোলে যে পূৰ্বৰ চৰকাৰৰ আমোলত প্ৰশাসনিক বিষয়াসকলৰ পৃষ্ঠপোষকতাতে ৰাজ্যখনত ধৰ্মান্তৰকৰণৰ সংখ্যা বৃদ্ধি পাইছিল। অৱশ্যে বৰ্তমানৰ বিজেপি চৰকাৰে ধৰ্মান্তৰকৰণ ৰোধ কৰিবলৈ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ সনাতন ধৰ্ম আৰু পৰম্পৰা ৰক্ষাৰ বাবে সমাজক সজাগ হৈ থাকিবলৈ আহ্বান জনায়। আনহাতে, অনুষ্ঠানত উপস্থিত থকা প্ৰবল প্ৰতাপ সিং জুদেৱে পিতৃ প্ৰয়াত দিলীপ সিং জুদেৱৰ পদাংক অনুসৰণ কৰি ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে এই ‘ঘৰ ৱাপছী’ অভিযান নিৰন্তৰভাৱে চলাই নিয়াৰ সংকল্প দোহাৰে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us