Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

গুৱাহাটীত ভুৱা হলমাৰ্ক থকা গহনা বিক্ৰী: BIS ৰ অভিযানত M/s Roy Gahanalaya জব্দ

Table of Content

আজি ভাৰতীয় মানক ব্যুৰো (BIS) ৰ বিষয়াসকলে গুৱাহাটীৰ পানবজাৰৰ SC গোস্বামী ৰোডত অৱস্থিত M/s Roy Gahanalaya নামৰ এটা অলংকাৰৰ দোকানত তালাচী আৰু জব্দ অভিযান চলায়।

BIS হলমাৰ্কৰ অপব্যৱহাৰ সন্দৰ্ভত পোৱা অভিযোগৰ ভিত্তিত এই অভিযান চলোৱা হয়। BIS ৰ প্ৰৱৰ্তন দলৰ তদন্তত প্ৰকাশ পাইছে যে দোকানখনত ভুৱা BIS হলমাৰ্ক থকা সোণৰ গহনা বিক্ৰী কৰা হৈছিল বুলি অভিযোগ উঠিছে। ভুৱা হলমাৰ্ক ব্যৱহাৰ কৰাটো BIS আইন, ২০১৬ ৰ অধীনত এক গুৰুতৰ অপৰাধ। কাৰণ চৰকাৰে অধিসূচিত জিলাসমূহত সোণৰ গহনা আৰু সামগ্ৰীৰ বাবে হলমাৰ্কিং বাধ্যতামূলক কৰিছে যাতে বিশুদ্ধতাৰ নিশ্চয়তা আৰু গ্ৰাহক সুৰক্ষা নিশ্চিত কৰিব পাৰি।

ভাৰত চৰকাৰে অধিসূচনাৰ জৰিয়তে সোণৰ গহনাৰ বাবে হলমাৰ্কিং বাধ্যতামূলক কৰিছে। এটা প্ৰকৃত BIS হলমাৰ্কত BIS ল’গ’, বিশুদ্ধতাৰ চিহ্ন আৰু এটা অনন্য ৬ সংখ্যাৰ Alpha-numeric HUID কোড থাকে, যিটো BIS Care App ৰ জৰিয়তে পৰীক্ষা কৰিব পাৰি।

অভিযুক্তৰ বিৰুদ্ধে BIS আইন, ২০১৬ ৰ ধাৰা 14(2) আৰু 15(3) অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অপৰাধৰ বাবে ১ বছৰলৈকে কাৰাদণ্ড অথবা কমেও ১ লাখ টকাৰ জৰিমণা, যিটো ৫ গুণলৈকে বৃদ্ধি পাব পাৰে – অৰ্থাৎ উৎপাদন, বিক্ৰী বা প্ৰদৰ্শন কৰা সামগ্ৰীৰ মূল্যৰ ৫ গুণ পৰ্যন্ত জৰিমণা হ’ব পাৰে।

BIS আইন, ২০১৬ ৰ ১৪ নং ধাৰাৰ উপ-ধাৰা (1) ত উল্লেখ কৰা মতে, অধিসূচিত সামগ্ৰীসমূহ ব্যুৰোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত পৰীক্ষণ আৰু চিহ্নিতকৰণ কেন্দ্ৰত মানক অনুসৰি পৰীক্ষা কৰাৰ পিছতহে খুচুৰা বিক্ৰী কেন্দ্ৰত বিক্ৰী কৰিব পাৰিব আৰু তাত হলমাৰ্ক বা Standard Mark থাকিব লাগিব। কোনো প্ৰমাণিত অলংকাৰ ব্যৱসায়ী বা বিক্ৰেতাই মানক অনুসৰি চিহ্নিত নোহোৱা বা মানকৰ লগত নিমিলা সামগ্ৰী হলমাৰ্ক সহকাৰে বিক্ৰী বা প্ৰদৰ্শন কৰিব নোৱাৰে।

গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ BIS আইন, ২০১৬ উলংঘাৰ তথ্য বা অভিযোগ পোৱাৰ লগে লগে ভাৰতীয় মানক ব্যুৰোৱে এনে তালাচী আৰু জব্দ অভিযান অব্যাহত ৰাখিছে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us