Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অসমৰ পৰা তামিলনাডুলৈ হাতী প্ৰেৰণক লৈ তীব্ৰ বিতৰ্ক; মাদুৰাইৰ মন্দিৰ পালেগৈ কণমানি ‘দুৰ্গা’

Table of Content

অসমৰ পৰা তামিলনাডুৰ মন্দিৰলৈ হাতী স্থানান্তৰক কেন্দ্ৰ কৰি চলি থকা তীব্ৰ বিতৰ্কৰ মাজতেই মাদুৰাইৰ বিখ্যাত মীনাক্ষী আম্মান মন্দিৰত উপস্থিত হ’ল পাঁচ বছৰীয়া মাইকী হাতী ‘দুৰ্গা’।

প্ৰায় তিনি হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি সোমবাৰে গণেশ চতুৰ্থীৰ দিনা মন্দিৰ প্ৰাংগণত উপস্থিত হয় হাতীজনী। তামিলনাডুৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মন্দিৰ কৰ্তৃপক্ষ আৰু ভক্তসকলে পুষ্পবৃষ্টিৰে আদৰণি জনায় দুৰ্গাক।

তিনিচুকীয়া জিলাৰ গুইজান আৰক্ষী থানাৰ অন্তৰ্গত লাইকা বন গাঁৱৰ বাসিন্দা পুণ্য পেগুৰ নামত পঞ্জীয়ন হৈ থকা এই হাতীজনীক মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাদুৰাইৰ মন্দিৰটোলৈ লৈ যোৱা হয়।

এই স্থানান্তৰক লৈ সৃষ্টি হৈছে বহুতো অমীমাংসিত প্ৰশ্নৰ। হাতীকেইটা মন্দিৰলৈ দান হিচাপে আগবঢ়োৱা হৈছে নে বিক্ৰী কৰা হৈছে, সেই সন্দৰ্ভত এক স্পষ্ট বিৰোধ পোহৰলৈ আহে। স্থানীয় তামিল সংবাদ মাধ্যমৰ প্ৰতিবেদনত তামিলনাডু চৰকাৰে হিন্দু ধৰ্মীয় আৰু দাতব্য প্ৰতিষ্ঠান বিভাগৰ অধীনৰ মন্দিৰসমূহৰ বাবে অসমৰ পৰা পাঁচটা হাতী ক্ৰয় কৰা বুলি প্ৰকাশ পাইছে।

আনহাতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাৰ্যক্ৰমণিকাত এই প্ৰক্ৰিয়াক দান হিচাপেহে উল্লেখ কৰা হয়। যদিহে হস্তীকেইটা বিক্ৰী কৰা হৈছে, তেন্তে বাণিজ্যিক কিনা-বেচা নিষিদ্ধ থকাৰ পাছতো এই কাৰ্য কেনেকৈ সম্ভৱ হ’ল, তাক লৈ আইনী প্ৰশ্ন উত্থাপন কৰিছে বিশেষজ্ঞসকলে।

ইপিনে পৰিদৰ্শন আৰু অনুমোদন প্ৰক্ৰিয়াৰ ক্ষিপ্ৰতাক লৈয়ো সৃষ্টি হৈছে সন্দেহৰ। চাৰি ছেপ্টেম্বৰৰ দিনৰ ১:৩০ বজাত মাদুৰাইৰ আৱাসস্থল পৰিদৰ্শনৰ নিৰ্দেশ দিয়াৰ পাছত সেইদিনাই নিশা ৯ বজাত অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে স্থানান্তৰৰ অনুৰোধ প্ৰেৰণ কৰাৰ অভিযোগ তুলিছে এলছা ফাউণ্ডেশ্যনে। মাত্ৰ চাৰে সাত ঘণ্টাত কেনেকৈ এই সকলো পৰীক্ষা সম্পূৰ্ণ হ’ল, তাৰ সত্যতাক লৈ প্ৰশ্ন তোলে সংস্থাটোৱে।

অসমৰ প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী সুৰক্ষা সংস্থাসমূহে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে। ‘চেণ্টাৰ ফৰ ৰিচাৰ্ছ অন এনিমেল ৰাইটছ’ৰ উপৰিও প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিলৈ পত্ৰ প্ৰেৰণ কৰি এই প্ৰক্ৰিয়া তৎকালীনভাৱে স্থগিত ৰখাৰ দাবী জনায়। বিশেষকৈ পাঁচ বছৰীয়া দুৰ্গা আৰু বিজুলী নামৰ দুটা অতি কম বয়সীয়া হাতীক মন্দিৰৰ আৱদ্ধ জীৱনলৈ প্ৰেৰণ কৰা কাৰ্যই জীৱ-জন্তুৰ অধিকাৰ উলংঘন কৰা বুলি অভিযোগ উত্থাপন হৈছে।

দুৰ্গাৰ উপৰিও তিৰুভান্নামালাইৰ অৰুণাচলেশ্বৰ মন্দিৰলৈ হীৰালাল আৰু শিৱ, মায়িলাডুথুৰাইৰ বৈদ্যনাথস্বামী মন্দিৰলৈ ১৩ বছৰীয়া ৰূপসিং আৰু কাঞ্চীপুৰমৰ এক ধৰ্মীয় প্ৰতিষ্ঠানলৈ বিজুলীক প্ৰেৰণৰ যাৱতীয় প্ৰক্ৰিয়া অব্যাহত আছে।

আইনী সুৰুঙা, বাণিজ্যিক লেনদেনৰ সন্দেহ আৰু বন্যপ্ৰাণীৰ কল্যাণক আওকাণ কৰি তিনি হাজাৰ কিলোমিটাৰ দূৰলৈ হাতী প্ৰেৰণ কৰাৰ এই সমগ্ৰ ঘটনাই এতিয়া ৰাজ্যৰ বন বিভাগকো এক ডাঙৰ জবাবদিহিৰ কাঠগড়াত থিয় কৰাইছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us