উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক প্ৰেক্ষিতত স্পষ্ট কৰিছে যে পঞ্চায়ত তথা স্থানীয় নিকায়ৰ নিৰ্বাচনত দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰা নিয়মসমূহ বৰ্তমান সময়ত প্ৰাসংগিক হৈ থকা নাই। ন্যায়ালয়ে আঙুলিয়াই দিয়ে যে ২০০৩ চনত ভাৰতৰ মুঠ প্ৰজনন হাৰ আছিল ৩.০, যি বৰ্তমান হ্ৰাস পাই ১.৯ লৈ নামিছে। প্ৰজননৰ প্ৰতিস্থাপন হাৰ ২.১ বুলি ধৰা হয়, যিটো নতুন প্ৰজন্মই পূৰ্বৰ প্ৰজন্মক প্ৰতিস্থাপন কৰিবলৈ আৱশ্যক। আদালতে সকীয়াই দিয়ে যে প্ৰজনন হাৰ হ্ৰাস পোৱাৰ ফলত সমাজত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা বৃদ্ধি পাব পাৰে আৰু কৰ্মক্ষম লোকৰ সংখ্যা হ্ৰাস পাব, যাৰ পৰিণাম ভৱিষ্যতে গুৰুতৰ হ’ব পাৰে।
জাষ্টিছ পি. এছ. নৰসিংহ আৰু যায়ষ্টিছ আলোক আৰাধেৰ পীঠে কয় যে এই বিধিয়সমূহে নাগৰিকসকলক সন্তান ধাৰণ বা গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ—এই দুয়োৰে মাজৰ পৰা এটাক বাছি ল’বলৈ বাধ্য কৰায়, যি সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত লাভ কৰা ব্যক্তিগত ও প্ৰজনন স্বাধীনতাৰ মৌলিক অধিকাৰ উলংঘন কৰে। মহাৰাষ্ট্ৰৰ কাকোডা গ্ৰাম পঞ্চায়তৰ প্ৰাক্তন সৰপঞ্চ মংলা ভীমৰাওক তৃতীয় সন্তানৰ জন্মৰ বাবে অবৈধ ঘোষণা কৰা হৈছিল। মহাৰাষ্ট্ৰ গ্ৰাম পঞ্চায়ত আইন, ১৯৫৯ ৰ আধাৰত হাইকোৰ্টে তেওঁৰ অযোগ্যতা বাহাল ৰাখিছিল।
উচ্চতম ন্যায়ালয়ে উক্ত ৰায় স্থগিত ৰাখি ২০০৩ চনৰ ৩ গৰাকী বিচাৰকৰ বিচাৰপীঠে ‘জাভেদ বনাম হাৰিয়ানা ৰাজ্য’ গোচৰত দিয়া ‘দুই সন্তানৰ নিয়ম’ৰ সাংবিধানিক বৈধ্যতাক পুনৰ পৰীক্ষা কৰিবলৈ এই গোচৰ বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে।আদালতক জনোৱা অনুসৰি ইতিমধ্যে ৭ খন ৰাজ্যই এই দুই সন্তানৰ নিয়ম বাতিল কৰিছে আৰু ১৫ খন ৰাজ্যত এনে ধৰণৰ কোনো বাধ্যবাধকতা নাই। তথাপিও অসম, মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট, উৰিষ্যা আৰু উত্তৰাখণ্ড আদি ৰাজ্যত এই নিয়ম এতিয়াও বলৱৎ হৈ আছে।








