Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অসমৰ ৰাজ্যপালে দিব্ৰুগড়ত ভগৱান জগন্নাথৰ ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে

Table of Content

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দিব্ৰুগড়ত শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা জগন্নাথ ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে আৰু এই পবিত্ৰ উপলক্ষে ভক্তসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি ৰাজ্যপাল আচাৰ্যই কয়, “ৰথ যাত্ৰা হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক মূল্যবোধ, সামাজিক সম্প্ৰীতি আৰু সৰ্বজনীনতাৰ চিৰন্তন প্ৰতীক। ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ এই দৈৱিক যাত্ৰাই মানুহক কৰুণা, নিঃস্বাৰ্থ সেৱা আৰু সমাজৰ কল্যাণৰ প্ৰতি নিষ্ঠাৰ আদৰ্শ ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে।”

শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ট্ৰাষ্টৰ প্ৰচেষ্টাক প্ৰশংসা কৰি ৰাজ্যপালে দিব্ৰুগড় আৰু অন্যান্য স্থানত সাংস্কৃতিক সজাগতা, সমাজ সেৱা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধিৰ বাবে সংস্থাটোৰ ভূমিয়াক শলাগ লয়।

লগতে তেওঁ যুৱপ্ৰজন্মক আধুনিকতাৰ লগত খাপ খুৱাই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰিবলৈ আহ্বান জনায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰিৱেশ সংৰক্ষণ আৰু সামাজিক দায়িত্ববোধক জীৱনৰ অবিচ্ছেদ্য অংশ কৰি ল’বলৈও নাগৰিকসকলক আহ্বান জনায়।

ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ আশীৰ্বাদ কামনা কৰি ৰাজ্যপালে অসমৰ জনসাধাৰণ আৰু দেশবাসীৰ বাবে শান্তি, সমৃদ্ধি, সুস্বাস্থ্য আৰু উন্নতিৰ কামনা কৰে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us