Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

সংবিধান দিৱসৰ মঞ্চত শিক্ষা ব্যৱস্থা আৰু খিলঞ্জীয়াৰ সুৰক্ষাক লৈ সৰৱ আছু; এন আৰ চিৰ পুনৰীক্ষণৰ দাবী

Table of Content

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সাম্প্ৰতিক ছবি, অসমীয়া ভাষাৰ হ্ৰাস পোৱা ব্যৱহাৰ আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সমান্তৰালকৈ সংগঠনটোৰ ভৱিষ্যৎ কাৰ্যপন্থা নিৰ্ধাৰণৰ লক্ষ্যেৰে সোমবাৰে সংবিধান দিৱস উদযাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই (আছু)। সংগঠনটোৰ সংবিধানৰ ৬০ বছৰ পূৰ্তি উপলক্ষে মহানগৰীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰৰ বাবে মুকলি মঞ্চত আয়োজিত কেন্দ্ৰীয় প্ৰতিনিধি সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এহাজাৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

এই সভাত অংশ লৈ আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে উজনি অসমৰ বান পৰিস্থিতিৰ বাবে যোৱা আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ আৰু খিলঞ্জীয়া জনগণৰ সুৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম চলাই নিবলৈ ৰাইজৰ আশীৰ্বাদ কামনা কৰি সংগঠনটোৱে বছৰজুৰি তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ এই বৰ্ষপূৰ্তি উদযাপন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

অধিৱেশনত শ্বহীদ তৰ্পণ আৰু প্ৰাক্তন সতীৰ্থসকলৰ অৱদান সুঁৱৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে জাতীয় জীৱনৰ স্বাৰ্থত সংগঠনটো সদায় আঞ্চলিকতাবাদী তথা প্ৰগতিশীল আদৰ্শত অটল আছে আৰু কোনো ৰাজনৈতিক দলৰ প্ৰতি ইয়াৰ আনুগত্য নাই। শেহতীয়াকৈ আছুৰ বিৰুদ্ধে ষড়যন্ত্ৰ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ছাত্ৰ সন্থাৰ আইনী যুঁজ অব্যাহত আছে।

ইয়াৰ উপৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিবলৈ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) পুনৰীক্ষণৰো দাবী জনায় সভাপতিগৰাকীয়ে।

অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা আৰু নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই আছুৰ এটা নতুন প্ৰতীকপট (ল’গ’) উন্মোচন কৰে। আগন্তুক এটা বছৰৰ বাবে সংগঠনটোৰ বেনাৰ আৰু কাৰ্যসূচীত এই ল’গ’টো ব্যৱহাৰ কৰা হ’ব।

সভাত বক্তব্য ৰাখি উপাচাৰ্য ড° হিতেশ ডেকাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিগত এটা দশকত ৰাইজে গঢ়ি তোলা শিক্ষানুষ্ঠানসমূহ ক্ৰমাৎ শ্মশানলৈ গতি কৰিছে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাক লৈ তেওঁ প্ৰশ্ন তোলে। লগতে গাঁৱে-ভূঁঞে পুথিভঁৰাল স্থাপনৰ আহ্বান জনাই ড° ডেকাই কয় যে কেৱল ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলেই অসমীয়া ভাষা সুৰক্ষিত নহয়।

আনহাতে, উপাচাৰ্য ড° জিতেন হাজৰিকাই ৰাষ্ট্ৰীয় শিক্ষা নীতি অসমৰ প্ৰয়োজন অনুসৰি সংশোধন কৰাৰ পোষকতা কৰে। মাতৃভাষা সংৰক্ষণৰ লগতে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী আৰু হিন্দী ভাষাতো পাৰ্গত কৰি তুলিবলৈ বিশেষ কৰ্মশালা আয়োজনৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়ায়।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us