Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বৃহৎ জলবিদ্যুৎ প্ৰকল্পবিৰোধী হিংসাত্মক প্ৰতিবাদৰ পাছতেই কেন্দ্ৰৰ কঠোৰ পদক্ষেপ; পাছিঘাটলৈ প্ৰেৰণ ২৫০ আৰ এ এফ জোৱান

Table of Content

প্ৰস্তাৱিত ছিয়াং বহুমুখী জলবিদ্যুৎ প্ৰকল্পক কেন্দ্ৰ কৰি উত্তাল হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৱশেষত সক্ৰিয় হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি আইন-শৃংখলা পুনৰুদ্ধাৰৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰায় ২৫০ গৰাকী ৰেপিড একশ্যন ফ’ৰ্চ চমুকৈ আৰ এ এফ জোৱান। পাছিঘাট চহৰত সংঘটিত ভয়াৱহ অগ্নিসংযোগ আৰু আক্ৰমণৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত শনিবাৰে আৰ এ এফৰ দুটা বিশেষ কোম্পানীক এই দায়িত্ব অৰ্পণ কৰা হয়। মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ পৰা ভাৰতীয় বায়ুসেনাৰ বিশেষ পৰিবাহী বিমানযোগে এই জোৱানসকলক আকাশমাৰ্গেৰে অঞ্চলটোলৈ লৈ অহা হৈছে। দেওবাৰৰ ভিতৰতে নিৰাপত্তাৰক্ষীৰ এই দলটো পাছিঘাটত উপস্থিত হৈ স্পৰ্শকাতৰ এলেকাৰ দায়িত্ব গ্ৰহণ কৰাৰ কথা বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিয়া মতে, যোৱা শুক্ৰবাৰে নিশা প্ৰকল্প বিৰোধী উত্তেজিত জনতাই ৰাজপথলৈ ওলাই আহি পাছিঘাট আৰক্ষী থানা আৰু এন এইচ পি চিৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰিছিল। ইয়াৰ উপৰিও পূব ছিয়াং জিলাত বিজেপিৰ ৰাজ্যিক সভাপতিকে ধৰি তিনিগৰাকী ৰাজনৈতিক নেতাৰ ব্যক্তিগত বাসগৃহত ব্যাপকভাৱে আক্ৰমণ সংঘটিত হৈছিল। প্ৰতিবাদকাৰীৰ এনে হিংসাত্মক কাৰ্যকলাপৰ সময়ত চি আৰ পি এফ আৰু ৰাজ্যিক আৰক্ষীসহ কেইবাজনো নিৰাপত্তাৰক্ষী আঘাতপ্ৰাপ্ত হয়।

ইফালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰা মতে, প্ৰস্তাৱিত ১১,২০০ মেগাৱাটৰ এই মেগা বান্ধৰ বিৰুদ্ধে ছিয়াং, আপাৰ ছিয়াং আৰু পূব ছিয়াং জিলাত আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ সময়ছোৱা শান্তিপূৰ্ণ আছিল। কিন্তু বন্ধৰ সময়সীমা শেষ হোৱাৰ পাছতেই শনিবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজালৈকে পাছিঘাটত নিয়ন্ত্ৰণহীন হিংসাৰ সূচনা হয়। এনে ঘটনাক অতি দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সমাজৰ সকলো শ্ৰেণীৰ লোকক শান্তি বজাই ৰাখিবলৈ কাতৰ আহ্বান জনাইছে। গণতান্ত্ৰিক আন্দোলনৰ অধিকাৰ থাকিলেও ৰাজহুৱা সম্পত্তি ধ্বংস আৰু বিশৃংখলতা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা ক্ৰমাৎ বৃদ্ধি কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us