Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

প্ৰেমিকক দামী স্প’ৰ্টছ বাইক উপহাৰ দিয়াৰ হেঁপাহ! পিতৃৰ বন্ধুৰ ঘৰত সোণ চুৰি কৰি গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

Table of Content

প্ৰেমিকক বিলাসী স্প’ৰ্টছ বাইক উপহাৰ দিবলৈ সোণ চুৰি কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী। পিতৃৰ অন্তৰংগ বন্ধুৰ ঘৰৰ পৰা প্ৰায় ৭২ গ্ৰাম সোণৰ আ-অলংকাৰ চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৯ বছৰীয়া ছাত্ৰীগৰাকীক। তামিলনাডুৰ কইম্বতুৰ জিলাৰ পোল্লাচী অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা।

জানিব পৰা মতে, উনজাভেলামপট্টি অঞ্চলৰ বাসিন্দা ছাত্ৰীগৰাকীয়ে অলপতে পিতৃৰ বন্ধু এজনৰ বাসগৃহলৈ গৈছিল। ঘৰৰ সদস্যসকল কামত ব্যস্ত থকাৰ সুযোগ লৈ ড্ৰয়াৰৰ পৰা প্ৰায় ৭২ গ্ৰাম সোণৰ অলংকাৰ কৌশলেৰে লৈ যায় যুৱতীগৰাকীয়ে। পৰৱৰ্তী সময়ত পোল্লাচীৰ এখন স্থানীয় জুৱেলাৰী শ্ব’ৰুমত সেই চুৰি অলংকাৰ বিক্ৰী কৰি মোটা অংকৰ ধন সংগ্ৰহ কৰে ছাত্ৰীগৰাকীয়ে। সেই ধনেৰেই প্ৰেমিকৰ পছন্দৰ এখন বিলাসী কেটিএম বাইক ক্ৰয় কৰি উপহাৰ হিচাপে দিয়ে যুৱতীয়ে।

ইফালে, ঘৰৰ সোণখিনি সন্ধানহীন হোৱাৰ পাছতেই ভুক্তভোগী পৰিয়ালে আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ। আৰক্ষীয়ে তদন্ত চলাই সন্দেহবশতঃ ছাত্ৰীগৰাকীক সোধা-পোছা কৰাৰ সময়তে পোহৰলৈ আহে সকলো সত্য। বাইকখন ক্ৰয় কৰাৰ পিছত দুয়োৰে এটা আনন্দ-উল্লাসৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল, যাৰ সূত্ৰ ধৰি আৰক্ষীয়ে নিশ্চিত প্ৰমাণ লাভ কৰে। বৰ্তমান আৰক্ষীয়ে ছাত্ৰীগৰাকীক জিম্মাত লৈ পলাতক প্ৰেমিকৰ সন্ধান আৰু বাইকখন উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us