Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ৰহাৰ টোলগে’টত ব্যক্তিগত বাহনৰ মাচুল ৰেহাই; স্থানীয় ৰাইজৰ বাবে টোলপাছৰ ব্যৱস্থা

Table of Content

ৰহাৰ টোলগে’টত এতিয়া আৰু স্থানীয় বাসিন্দাই দিব নালাগে টোল কৰ। স্থানীয় ৰাইজৰ ধাৰাবাহিক দাবীৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ আৰ্হিতেই ৰহাৰ ৰণথলী টোলগে’টৰ চৌপাশৰ বাসিন্দাসকলক সকাহ দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

জিলা প্ৰশাসনে সদৰি কৰা মতে, এতিয়াৰে পৰা টোলগে’টৰ ৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বসবাস কৰা স্থায়ী লোকসকলৰ ব্যক্তিগত বাহনে সম্পূৰ্ণ কৰ ৰেহাই লাভ কৰিব। নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই জাৰি কৰা আনুষ্ঠানিক জাননী অনুসৰি, এই সুবিধা পাবলৈ বাসিন্দাসকলে বিশেষ টোলপাছ সংগ্ৰহ কৰাটো বাধ্যতামূলক।

ইয়াৰ বাবে আৱেদনকাৰীয়ে আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ আৰু বাহনৰ বৈধ পঞ্জীয়ন পত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব। নথিপত্ৰসমূহ পৰীক্ষাৰ অন্তত কৰ্তৃপক্ষই যোগ্য বাহনসমূহক এই বিশেষ টোলপাছ প্ৰদান কৰিব। প্ৰশাসনৰ এই সিদ্ধান্তৰ ফলত ৰণথলী টোলগে’টেৰে নিতৌ চলাচল কৰা স্থানীয় বাহন চালকসকলে নিয়মীয়া কৰৰ বোজাৰ পৰা পৰিত্ৰাণ পাব।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us