Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নেতাজীৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা অনুমোদন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ; শান্তি বিঘ্নিত কৰা শক্তিক কঠোৰ সকীয়নি

Table of Content

১৯ আগষ্টৰ হিংসাত্মক পৰিস্থিতিৰ সময়ত ক্ষতিসাধন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা অনুমোদন জনালে মেঘালয় চৰকাৰে। ৰাজধানী শ্বিলঙৰ ৰিনজাহ স্থিত আৰ আৰ কলনীত শেহতীয়াকৈ খাছি ষ্টুডেন্টছ ইউনিয়নে উলিওৱা ক’লা পতাকা সমদলৰ সময়ত একাংশ প্ৰতিবাদকাৰীয়ে মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিমূৰ্তিটো ক্ষতিসাধন কৰিছিল। এই ঘটনাক লৈ সৃষ্টি হোৱা অসন্তোষৰ মাজতে শনিবাৰে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী কনৰাড চাংমা।

স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰি প্ৰতিমূৰ্তিটো পূৰ্বৰ মৰ্যাদাৰে পুনৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই আৰ্থিক সাহায্য ঘোষণা কৰে। সামাজিক মাধ্যমযোগে নিজৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰী চাংমাই কয়, “ৰাজ্যখনৰ শান্তি, সম্প্ৰীতি আৰু ঐক্যত আঘাত সনা কোনো শক্তিৰ সৈতে চৰকাৰে আপোচ নকৰে। এনে ধ্বংসাত্মক কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে আৰু আইন অনুসাৰে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখ্য যে, অবিভক্ত অসমৰ ৰাজধানী হিচাপে থকা সময়ৰে পৰা শ্বিলঙৰ সৈতে আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ এক এৰাব নোৱাৰা ঐতিহাসিক সম্পৰ্ক। ১৯২৭ চনৰ ১২ জুনত স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে প্ৰথমবাৰলৈ শ্বিলঙলৈ আহিছিল নেতাজী আৰু পৰৱৰ্তী সময়ত ১৯৩৮ চনৰ ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ হিচাপেও চহৰখন ভ্ৰমণ কৰে তেওঁ। অঞ্চলটোৰ যুৱ প্ৰজন্মক স্বাধীনতা আন্দোলনত উদ্বুদ্ধ কৰা নেতাজীৰ এই প্ৰতিমূৰ্তিটো ২০২৩ চনৰ ২৩ জানুৱাৰীত স্থানীয় আৰ আৰ কলনীত স্থাপন কৰা হৈছিল।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us