Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথক কেন্দ্ৰৰ সেউজ সংকেত; ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা

Table of Content

বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথৰ প্ৰস্তাৱক গুৰুত্বসহকাৰে বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিজেপি সাংসদ সুষ্মিতা দেৱে দাখিল কৰা স্মাৰক-পত্ৰৰ উত্তৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ প্ৰকল্পটো প্ৰক্ৰিয়াধীন হৈ থকাৰ কথা জনোৱাৰ লগতে ইয়াৰ বাবে প্ৰায় ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনাৰ কথাও অৱগত কৰে।

বৰাক উপত্যকাৰ জনসাধাৰণৰ বাবে বিকল্প ব্ৰডগজ ৰে’লপথৰ দাবী এতিয়া এক প্ৰয়োজনীয়তা হৈ পৰিছে বুলি কয় সুষ্মিতা দেৱে। ৰে’ল মন্ত্ৰীৰ সঁহাৰিক আদৰণি জনাই প্ৰস্তাৱিত প্ৰকল্পটোৱে শীঘ্ৰে গতি লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে।

ইফালে, সুষ্মিতা দেৱে কয় যে প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ বিষয়টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে। বৰাক উপত্যকাৰ জনপ্ৰতিনিধিসকলেও প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ বাবে ধাৰাবাহিকভাৱে বিষয়টো অনুসৰণ কৰি আহিছে।

বৰাক উপত্যকাৰ ৰে’ল যোগাযোগ অধিক শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ পৰিবহণ ব্যৱস্থাত বিকল্প সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰস্তাৱিত পথটোক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিগত পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। প্ৰায় ১৫ হাজাৰ কোটি টকাৰ সম্ভাব্য বিনিয়োগে প্ৰকল্পটোৰ বৃহৎ পৰিসৰ আৰু গুৰুত্বও স্পষ্ট কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us