Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

গংগাৰ দৰেই নিঃস্বাৰ্থভাৱে বৈ আহিছে আৰএছএছ; শতবৰ্ষ উপলক্ষে প্ৰশংসাৰে উপ-ৰাষ্ট্ৰপতি

Table of Content

গংগা নদীৰ দৰেই সমাজ কল্যাণৰ বাবে নিঃস্বাৰ্থভাৱে বৈ আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। – সংঘৰ শতবৰ্ষ উপলক্ষে প্ৰকাশিত এখন গ্ৰন্থ উন্মোচন কৰি এই মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে।

নতুন দিল্লীত অনুষ্ঠিত অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, গংগাই যেনেকৈ কোনো প্ৰতিদানৰ আশা নকৰাকৈ মানুহৰ কল্যাণৰ বাবে অবিৰতভাৱে বৈ থাকে, আৰএছএছেও বিগত ১০০ বছৰ ধৰি সেৱাৰ একে আদৰ্শক আগত ৰাখি কাম কৰি আহিছে।

সংঘৰ বিকাশৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, ক্ষুদ্ৰ পৰিসৰত যাত্ৰা আৰম্ভ কৰা সংগঠনটোৱে ক্ৰমাৎ বিশ্বৰ অন্যতম বৃহৎ স্বেচ্ছাসেৱী সংগঠন হিচাপে আত্মপ্ৰকাশ কৰিছে। যিদৰে গংগা নদীও ক্ষুদ্ৰ ধাৰাৰ পৰা আৰম্ভ হৈ বিশাল নদীত পৰিণত হয়।

‘RSS @100: A Century of Service, Unity & Sacrifice’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ৰাধাকৃষ্ণনে কয় যে, সংঘৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে আৰু শতবৰ্ষ উপলক্ষে প্ৰকাশিত এই গ্ৰন্থ উন্মোচনৰ অংশ হ’ব পৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয়।

সংঘৰ আদৰ্শৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, সেৱা, ঐক্য আৰু ত্যাগ- এই তিনিটা মূল্যবোধে প্ৰজন্মৰ পিছত প্ৰজন্ম সংঘৰ স্বয়ংসেৱকসকলক অনুপ্ৰেৰণা যোগাই আহিছে। সমাজৰ প্ৰতি নিঃস্বাৰ্থ দায়বদ্ধতাক সেৱাই প্ৰতিফলিত কৰে, বৈচিত্ৰ্যৰ মাজত ঐক্যই জাতীয় সংহতি শক্তিশালী কৰে আৰু ত্যাগে স্থায়ী প্ৰতিষ্ঠান গঢ়ি তোলাৰ মানসিকতা সৃষ্টি কৰে বুলিও তেওঁ মন্তব্য কৰে।

তদুপৰি, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা, ভাষা আৰু আধ্যাত্মিক চিন্তাধাৰাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো আৰএছএছে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

গ্ৰন্থখনৰ ‘A Swayamsevak as PM: The Modi Era’ অধ্যায়ৰ উল্লেখ কৰি তেওঁ কয় যে, স্বয়ংসেৱকৰ পৰা ‘প্ৰধান সেৱক’লৈ নৰেন্দ্ৰ মোদীৰ যাত্ৰাও ইয়াত স্থান পাইছে। তেওঁৰ ভাষ্য, ‘ৰাষ্ট্ৰ প্ৰথম’ আৰু ‘সেৱা’ৰ নীতি শাসন ব্যৱস্থাৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে সংঘৰ আদৰ্শক প্ৰতিফলিত কৰিছে।

ইফালে, অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা আৰএছএছৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালেৰ লিখিত বাৰ্তাও পাঠ কৰা হয়। বাৰ্তাত তেওঁ কয় যে, সংঘৰ শতবৰ্ষীয়া যাত্ৰাৰ নথিভুক্ত বিৱৰণ এই গ্ৰন্থত সন্নিৱিষ্ট হৈছে। লগতে সংঘক লৈ প্ৰচলিত বহু ভুল ধাৰণাৰ ব্যাখ্যাও ইয়াত দাঙি ধৰা হৈছে বুলি উল্লেখ কৰি গ্ৰন্থখন পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দিল্লী বিধানসভাৰ অধ্যক্ষ বিজেন্দৰ গুপ্ত, গ্ৰন্থখনৰ সহ-লেখক শ্যাম জাজু আৰু অনুপম ত্ৰিবেদীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us