Trending:
/ Oct 08, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ

Table of Content

মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হৈ পৰিল এটা চাৰিমহলীয়া আৱাসিক ভৱন! ধ্বংসস্তূপৰ মাজৰ পৰা ভাহি অহা আৰ্তনাদে কঁপাই তুলিলে সমগ্ৰ অঞ্চল। উত্তৰ-পূব দিল্লীৰ সীমাপুৰী অঞ্চলত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী অন্তসত্ত্বা মহিলা আৰু এটি শিশুকে ধৰি তিনিজন লোকৰ কৰুণ মৃত্যু ঘটে। ইফালে, এটি তিনি বছৰীয়া শিশুকে ধৰি কমেও আঠজন লোক গুৰুতৰভাৱে আহত হয়। ধ্বংসস্তূপ আঁতৰোৱাৰ সময়ত ডেৰ বছৰীয়া এটা নিষ্পাপ শিশুৰ ছিন্নমস্তক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই উপস্থিত প্ৰতিজন লোককে শোকস্তব্ধ কৰি তোলে।

বুধবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। স্থানীয় সূত্ৰৰ মতে, ইদ্গাহ মাছ বজাৰৰ সমীপত থকা প্ৰায় ২০-২৫ বছৰ পুৰণি আৱাসিক অট্টালিকাটো হঠাতে খহি পৰে। ঘটনাৰ ফলত কাষৰ এটা ভৱনৰ বেৰ আৰু এখন মছজিদৰ চৌহদৰ দেৱালো ভাঙি পৰে। স্থানীয় ৰাইজে প্ৰথমে উদ্ধাৰ অভিযানত নামি হাতৰেই ইটা-আৱৰ্জনা আঁতৰাই বহু লোকক উদ্ধাৰ কৰে। পাছত অগ্নি নিৰ্বাপক বাহিনী, দিল্লী আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগ, পৌৰ নিগম আৰু এনডিআৰএফৰ দলে এক্সকেভেটৰসহ বৃহৎ মেচিনৰ সহায়ত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কাৰ্য চলায়। আঘাতপ্ৰাপ্ত আঠজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

অট্টালিকাটো খহি পৰাৰ প্ৰকৃত কাৰণ এতিয়াও সম্পূৰ্ণ স্পষ্ট হোৱা নাই যদিও মঙলবাৰে নিশা উত্তৰাখণ্ডত হোৱা ভূমিকম্পৰ ফলত ভৱনটোত ফাঁট মেলাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনে। স্থানীয় একাংশ লোকে দাবী কৰা অনুসৰি, ভূমিকম্পৰ জোকাৰণিৰ পাছতে পুৰণি অট্টালিকাটোত ফাঁট মেলিবলৈ ধৰিছিল আৰু গৃহস্বত্বাধিকাৰীয়ে ঘৰটো খালী কৰাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এই শোকাৱহ বিপৰ্যয় ঘটে। ঘটনাৰ সময়ত ভৱনটোত একাংশ প্লাষ্টিক বুটলা দৰিদ্ৰ পৰিয়াল উপস্থিত থকাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দলসমূহে ধ্বংসস্তূপৰ তলত আন কোনো লোক আৱদ্ধ হৈ আছে নেকি, তাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us