/ Oct 07, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

সম্পূৰ্ণ উদ্যোগীকৰণলৈ ভাৰতক আৰু ৫০ বছৰ লাগিব, তেতিয়ালৈ কৃষকক সহায় কৰাটো জৰুৰী: হাজৰিকা

Table of Content

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অনুষ্ঠিত “অসম চি এছ আৰ ঘূৰণীয়া মেজমেল”ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কৃষি, কৃষকৰ জীৱিকা আৰু বান তথা জলবায়ুজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু কৰ্প’ৰেট খণ্ডৰ যুটীয়া সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোচনা কৰাই আছিল এই মেজমেলৰ মূল উদ্দেশ্য। 

মেজমেলখনত ভাষণ প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে যে ভাৰতবৰ্ষৰ সম্পূৰ্ণ উদ্যোগীকৰণ হ’বলৈ এতিয়াও প্ৰায় ৫০ বছৰৰ প্ৰয়োজন হ’ব। তেতিয়ালৈকে আমাৰ দেশ প্ৰাথমিকভাৱে কৃষিৰ ওপৰতে নিৰ্ভৰশীল আৰু সেয়েহে কৃষকসকলক অধিক উৎপাদন আৰু উচ্চ উৎপাদনক্ষম খেতিৰ দিশত সহায় কৰাটো অতি জৰুৰী।
কোম্পানীসমূহৰ বাবে নিজৰ উপাৰ্জনৰ ২% অংশ ‘চি এছ আৰ’ খণ্ডত ব্যয় কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহক নিজৰ ‘চি এছ আৰ’ পুঁজি বিনিয়োগৰ বাবে অসমৰ কৃষিখণ্ডক বাছি ল’বলৈ দৃঢ়তাৰে আহ্বান জনায়।

আজিৰ এই সভাত কৃষি যান্ত্ৰিকীকৰণ, মাটিৰ গুণাগুণ পৰীক্ষা, জলবায়ু-সহনশীল কৃষি, দক্ষতা আৰু সক্ষমতা বৃদ্ধি, জলসিঞ্চন তথা পানী ব্যৱস্থাপনা, গুণগত মান নিয়ন্ত্ৰণ, বেংকৰ সৈতে সংযোগ আৰু বজাৰমুখী কৃষি আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰ্যালোচনা কৰা হয়।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us