/ Oct 08, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ইউপিআই কৰ প্ৰস্তাৱ সন্দৰ্ভত সংসদীয় সমিতিত হোৱা নাছিল কোনো আলোচনাঃ কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ

Table of Content

ডিজিটেল লেনদেনত মাচুল আৰোপৰ চৰকাৰী সিদ্ধান্তক লৈ দেশজোৰা ক্ষোভৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মুখ খুলিলে লোকসভাৰ কংগ্ৰেছ দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে।

বিত্ত সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে মোদী চৰকাৰৰ শেহতীয়া ইউপিআই কৰ প্ৰস্তাৱ সন্দৰ্ভত কোনো ধৰণৰ আলোচনাই কৰা নাছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদজনে।

সামাজিক মাধ্যমযোগে চৰকাৰৰ দাবী খণ্ডন কৰি গৌৰৱ গগৈয়ে কয়, “যেতিয়া বিত্ত বিভাগৰ বিষয়াসকলে বিত্তীয় সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁলোকৰ হাতত ইউপিআই কৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট প্ৰস্তাৱেই নাছিল।”

মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট বা এমডিআৰৰ প্ৰয়োজনীয়তাক লৈ সমিতিয়ে প্ৰশ্ন উত্থাপন কৰিছিল যদিও চৰকাৰী প্ৰতিনিধিৰ ওচৰত কোনো স্পষ্ট আৰু সন্তোষজনক উত্তৰ নাছিল বুলিও তেওঁ সদৰী কৰে।

এই নীতিৰ ভয়াবহ প্ৰভাৱ সম্পৰ্কে চৰকাৰক সকীয়াই দি সাংসদজনে কয়, “মই পুনৰ দোহাৰিছোঁ যে শেহতীয়া ইউপিআই কৰ নীতিয়ে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী, বিক্ৰেতা আৰু সাধাৰণ উদ্যোগসমূহক ধ্বংস কৰিব আৰু কেৱল বৃহৎ আমেৰিকান কোম্পানীবোৰক লাভান্বিত কৰিব।” এই জনবিৰোধী কৰ অনতিপলমে প্ৰত্যাহাৰ কৰিবলৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আত্মসমৰ্পণ বন্ধ কৰিবলৈ তেওঁ কঠোৰ ভাষাৰে দাবী জনায়।

ইপিনে গৌৰৱ গগৈৰ মন্তব্যক পূৰ্ণ সমৰ্থন জনাই বিষয়টোক অধিক গভীৰ কৰি তুলিছে জ্যেষ্ঠ কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে। সংসদীয় স্থায়ী সমিতিৰ বৈঠকৰ গোপনীয়তা চৰকাৰে ব্যক্তিগত লাভালাভৰ বাবে ভংগ কৰা বুলি অভিযোগ তুলি তেওঁ কয় যে সমিতিৰ বিশেষাধিকাৰপ্ৰাপ্ত কাৰ্যক্ৰমক চৰকাৰে নিজৰ সফলতা দেখুওৱা আৰু ৰাজনৈতিক মুনাফা আদায়ৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাটো চৰম দুৰ্ভাগ্যজনক।

ইউপিআই সম্পৰ্কীয় সিদ্ধান্তক সমিতিৰ একাংশ সদস্যই সমৰ্থন জনোৱা বুলি প্ৰচাৰ কৰা কাৰ্যক সংসদীয় কাৰ্যবিধিৰ সম্পূৰ্ণ অপব্যাখ্যা আৰু বিভ্ৰান্তিকৰ আখ্যা দিয়ে সাংসদজনে। দেশৰ ডিজিটেল পৰিকাঠামোত বৃহৎ মাচুলৰ বোজা জাপি দিয়াৰ সমান্তৰালভাৱে সংসদীয় নিয়ম-নীতিকো চৰকাৰে ভৰিৰে মোহাৰি পেলাইছে বুলি বিৰোধীয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us