Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

চৰম আৰ্থিক সংকটৰ কৰুণ পৰিণতি! কুঠাৰেৰে ঘপিয়াই পত্নীসহ তিনি সন্তানক হত্যা বিদ্যালয় শিক্ষকৰ

Table of Content

চৰম আৰ্থিক অনাটনে নমাই আনিলে এক ভয়ংকৰ আৰু হৃদয়বিদাৰক বিপৰ্যয়। ধেমাজি জিলাৰ জোনাইৰ তেলেমত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ বাসগৃহৰ ভিতৰতে কুঠাৰেৰে ঘপিয়াই পত্নীসহ তিনিটি নিষ্পাপ সন্তানক হত্যা কৰে ফিৰোজ আলী নামৰ এজন শিক্ষকে।

ফিৰোজ আলীৰ কুঠাৰৰ ঘাপত থিতাতে প্ৰাণ হেৰুৱায় পত্নী চিনোৱাৰা বেগম, ১৩ বছৰীয়া কন্যা নেইনা আখতাৰ, ৮ বছৰীয়া পুত্ৰ ছাকিল আলী আৰু ৫ বছৰীয়া কণমানি ৰিজিকা বেগমে।

তেলেম গামচুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত ফিৰোজ আলীক ইতিমধ্যে জিম্মাত লৈছে আৰক্ষীয়ে। মাহেকীয়া মাত্ৰ ১০ হাজাৰ টকাৰ দৰমহাৰে বৃহৎ পৰিয়ালটো পোহপাল দিয়াত জুৰুলা হৈ পৰা বাবেই এনে চৰম পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে অভিযুক্তই।

হৃদয়বিদাৰক এই কাণ্ডই সমগ্ৰ অঞ্চলটোত গভীৰ শোক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। ওচৰ-চুবুৰীয়াই প্ৰকাশ কৰা মতে, পৰিয়ালটোৰ মাজত পূৰ্বে কেতিয়াও কোনো ধৰণৰ পাৰিবাৰিক সংঘাত বা কাজিয়া-পেচালৰ পৰিৱেশ নাছিল।

শান্তিপূৰ্ণ এটা পৰিয়ালত সংঘটিত এনে বৰ্বৰ কাণ্ডত ক্ষুব্ধ হৈ পৰা স্থানীয় ৰাইজে হত্যাকাৰীক দৃষ্টান্তমূলক তথা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিশদ তদন্ত অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us