Trending:
/ Oct 05, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

গুৱাহাটী-মানকাচৰ পথত মেঘালয়ত নৈশবাছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ; চালক আহত, বাহনৰ ক্ষতিসাধন

Table of Content

আকৌ মেঘালয়ত অসমৰ বাহনৰ ওপৰত সংঘটিত হ’ল আক্ৰমণৰ ঘটনা. এইবাৰ চুবুৰীয়া ৰাজ্যখনত নৈশবাছৰ ওপৰত আক্ৰমণ সংঘটিত কৰে দুৰ্বৃত্তই। মেঘালয়ৰ মাজেৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী নৈশ চুপাৰ বাছলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ এটা দলে চলোৱা অতৰ্কিত আক্ৰমণে সীমান্তৱৰ্তী অঞ্চলত পুনৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাৰ।

গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে যাত্ৰা কৰা বাছসমূহৰ ওপৰত দেওবাৰে পুৱতি নিশা প্ৰায় ২ বজাত মেঘালয়ৰ টিক্ৰিকিলা অঞ্চলত সংঘটিত হয় এই সন্ত্ৰাসজনক কাণ্ড। ফলত যাত্ৰী আৰু চালকসকলৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ।

প্ৰাপ্ত তথ্য অনুসৰি, বাছকেইখন টিক্ৰিকিলা এলেকা পাৰ হৈ থকাৰ সময়তে অচিনাক্ত দুৰ্বৃত্তৰ দলে অতৰ্কিতে উপৰ্যুপৰি শিলগুটি নিক্ষেপ কৰে। এই আক্ৰমণত কেইবাখনো নৈশবাছৰ সন্মুখৰ গ্লাছ ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে কেইবাগৰাকীও চালক শাৰীৰিকভাৱে আহত হয়।

অত্যন্ত সাহসিকতাৰে চালকসকলে আক্ৰমণস্থলীৰ পৰা বাছসমূহ দ্ৰুতগতিত চলাই নি নিৰাপদে টিক্ৰিকিলা আৰক্ষী থানাত উপস্থিত হয় আৰু সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয় যদিও আক্ৰমণকাৰীৰ দলটো ইতিমধ্যে সেই স্থানৰ পৰা পলায়ন কৰে।

প্ৰত্যক্ষদৰ্শী যাত্ৰীসকলে সন্দেহ প্ৰকাশ কৰা মতে, প্ৰায় ১০-১২ জনীয়া দুৰ্বৃত্তৰ দল এটাই বাছসমূহ আগভেটি ডকাইতি চলোৱাৰ অভিসন্ধিৰেই এই আক্ৰমণ সংঘটিত কৰিছিল। অৱশ্যে এই কাণ্ডৰ প্ৰকৃত উদ্দেশ্য এতিয়াও নিশ্চিত কৰা হোৱা নাই।

ঘটনাৰ পিছতেই টিক্ৰিকিলা আৰক্ষীয়ে সমগ্ৰ বিষয়টোক লৈ ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণৰ প্ৰায় দুই ঘণ্টাৰ পাছত বাছসমূহক পুনৰ মানকাচৰ অভিমুখে যাত্ৰা অব্যাহত ৰাখিবলৈ দিয়া হয়। এই ঘটনাই গুৱাহাটী-মানকাচৰ সংযোগী গুৰুত্বপূৰ্ণ পথছোৱাত নৈশবাছ আৰু যাত্ৰীসকলৰ নিৰাপত্তাক লৈ পুনৰ গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us