Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

দিল্লীত ছাত্ৰাৱাস খহি পৰি ছয়জন নিহত! ধ্বংসস্তূপৰ মাজত সন্ধানহীন বহু শিক্ষাৰ্থী

Table of Content

ভূমিকম্প সদৃশ বিকট শব্দৰে খহি পৰিল এটি পাঁচমহলীয়া আৱাসিক ছাত্ৰাৱাস। ৰাজধানী দিল্লীৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ সত্য নিকেতন অঞ্চলত দেওবাৰে সংঘটিত এই শোকাৱহ ঘটনাত ইতিমধ্যে ছয়জন লোকে প্ৰাণ হেৰুওৱাৰ কথা নিশ্চিত কৰিছে এইমছ কৰ্তৃপক্ষই। ধ্বংসাৱশেষৰ তলত এতিয়াও বহু ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ থকাৰ আশংকা কৰি চলাই থকা হৈছে যুদ্ধকালীন উদ্ধাৰ অভিযান।

দেওবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত ধূলিসাৎ হয় ‘হোষ্টেল ডেজ’ নামৰ ছাত্ৰাৱাসটো। বন্ধৰ দিন হোৱাৰ বাবে ঘটনাৰ সময়ত নিজ নিজ কোঠাতে আৱদ্ধ আছিল অধিকাংশ শিক্ষাৰ্থী। স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে, ভৱনটো খহি পৰাৰ সময়ত তাৰ ভিতৰত আছিল প্ৰায় দুইৰ পৰা চাৰি ডজন লোক। ধ্বংসস্তূপৰ মাজৰ পৰা ইতিমধ্যে উদ্ধাৰকাৰী দলে ছয়গৰাকী ছাত্ৰক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মাটিৰ তলৰ কোঠাত পানী জমা হোৱাৰ লগতে চলি থকা মেৰামতিৰ কামৰ বাবেই এই অঘটন ঘটে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। ইতিমধ্যে আৱৰ্জনাৰ ৮০ শতাংশ স্থান মুক্ত কৰা হৈছে যদিও বেচমেণ্টৰ ধ্বংসস্তূপ আঁতৰোৱাৰ কাম অব্যাহত আছে।

অভিযোগ অনুসৰি, দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী এই অঞ্চলটোত প্ৰয়োজনীয় ছাত্ৰাৱাসৰ অভাৱৰ সুযোগ লৈ বহু বিপজ্জনক আৱাসগৃহ গঢ় লৈ উঠিছে। অতি পুৰণি এই ভৱনটোৰ আধাৰ অংশত লাভৰ আশাত নিয়ম বহিৰ্ভূতভাৱে খনন কাৰ্য চলোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভৱনটোৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us