Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

আকৌ মুকলি আকাশৰ তললৈ ধৰ্ষণ, হত্যাকাৰী গুৰমীত ৰাম ৰহিম! ১৭ সংখ্যকবাৰ সাময়িক মুক্তি

Table of Content

দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈ থকা ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিং মঙলবাৰে পুৱা পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিল। হাৰিয়ানা প্ৰশাসনে তেওঁক ২১ দিনৰ পেৰ’ল মঞ্জুৰ কৰাৰ পাছতে পুৱা ৰোহটকৰ সুনৰিয়া কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁক মুকলি কৰি দিয়া হয়। কাৰাগাৰ কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি, এই ২১ দিনৰ সময়ছোৱাত তেওঁ চিৰছাত থকা ডেৰাৰ মুখ্য কাৰ্যালয়ত থাকিব।

যোৱা ২০১৭ চনৰ আগষ্টত দোষী সাব্যস্ত হোৱাৰ পাছত এইটো আছিল ৰাম ৰহিমৰ ১৭ সংখ্যক সাময়িক মুক্তি। কেৱল চলিত বৰ্ষতে তেওঁ তৃতীয়বাৰলৈ কাৰাগাৰৰ পৰা ওলাই আহিছে। ইয়াৰ পূৰ্বে যোৱা জানুৱাৰীত ৪০ দিন আৰু মে’ মাহত ৩০ দিনৰ বাবে পেৰ’ল লাভ কৰিছিল ডেৰা প্ৰধানজনে। একেদৰে ২০২৫ চনতো তেওঁ তিনিবাৰকৈ সাময়িক মুক্তি লাভ কৰাৰ লগতে ২০২৪ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে ২০ দিনৰ পেৰ’ল লাভ কৰিছিল।

গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱা এজন কাৰাবন্দীক এনেদৰে বাৰে বাৰে পেৰ’ল আৰু ফাৰ্ল’ প্ৰদান কৰাক লৈ শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক কমিটীসহ বিভিন্ন শিখ সংগঠনে প্ৰশাসনৰ ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।

উল্লেখ্য যে, সাংবাদিক হত্যাৰ গোচৰত পূৰ্বে বিশেষ চিবিআই আদালতে ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছিল যদিও চলিত বৰ্ষৰ মাৰ্চ মাহত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁক উক্ত গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰে। আনহাতে ২০০২ চনৰ ডেৰা মেনেজাৰ ৰঞ্জিত সিং হত্যাকাণ্ডৰ গোচৰতো যোৱা ২০২৪ চনৰ মে’ মাহত উচ্চ ন্যায়ালয়ে তেওঁক অভিযোগমুক্ত কৰিছিল। হাৰিয়ানা, পঞ্জাব আৰু ৰাজস্থানত ডেৰা সচ্চা সৌদাৰ যথেষ্টসংখ্যক অনুগামী আছে, বিশেষকৈ হাৰিয়ানাৰ চিৰছা, ফতেহাবাদ, কুৰুক্ষেত্ৰ, কৈথাল আৰু হিছাৰ জিলাত তেওঁলোকৰ প্ৰভাৱ সৰ্বাধিক।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us