Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

জাল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে পুনৰ গৰজিল আৰক্ষীৰ বন্দুক; এনকাউণ্টাৰত আহত ২ অভিযুক্ত

Table of Content

পুনৰ অভিযুক্তৰ বিৰুদ্ধে গৰজিল আৰক্ষীৰ বন্দুক। এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হ’ল দুই জাল নোট সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ ঢলাহাটৰ নাহৰবাৰী অঞ্চলত বুধবাৰে নিশা জাল নোট উদ্ধাৰৰ বাবে চলোৱা অভিযানৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ পিছতে গুলীচালনা কৰে আৰক্ষীয়ে।

গুলীবিদ্ধ দুয়োজনক মাতিবুৰ ৰহমান আৰু মুকছাবুল আলম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ গুলীত দুয়োৰে ভৰিত আঘাত লাগে। তাৰ পিছতে অভিযুক্তদুজনক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰা হয়। কঠোৰ নিৰাপত্তাৰ মাজতে চলি আছে দুয়োৰে চিকিৎসা।

আৰক্ষীয়ে জনোৱা মতে, জাল নোটৰ এটা চক্ৰৰ তদন্তৰ সন্দৰ্ভত পূৰ্বেই আটক কৰা হৈছিল দুয়োজনক। সেই তদন্তৰ সূত্ৰ ধৰি জাল নোট উদ্ধাৰৰ উদ্দেশ্যে আৰক্ষীৰ এটা দলে দুয়োকে লৈ গৈছিল ঢলাহাটৰ নাহৰবাৰী অঞ্চললৈ।

উদ্ধাৰ অভিযান চলি থকাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে দুয়ো অভিযুক্তই। বাৰে বাৰে আত্মসমৰ্পণ কৰিবলৈ সতৰ্ক কৰাৰ পিছতো অভিযুক্ত দুজনে কথা নুশুনাত আত্মৰক্ষাৰ স্বাৰ্থত গুলীচালনা আৰক্ষীয়ে গুলীচালনা কৰে। গুলী দুয়োৰে ভৰিত লগাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰক্ষীৰ দলটোৱে।

ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অঞ্চলটোত সক্ৰিয় জাল নোট সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন লোকসকলক চিনাক্ত কৰাৰ লগতে সমগ্ৰ নেটৱৰ্কটোৰ সন্ধানত অভিযান চলাই থকা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us