Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অনশন ভংগ কৰিবলৈ সোণম ৱাংচুকলৈ আহ্বান এবছুৰ; কেন্দ্ৰক আলোচনাত বহিবলৈ দাবী

Table of Content

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত ১৯ দিন ধৰি অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। সময় বাগৰাৰ লগে লগে তেওঁৰ স্বাস্থ্যক লৈও বৃদ্ধি পাইছে উদ্বেগ। এনে পৰিপ্ৰেক্ষিততে এইবাৰ সোণম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিও অনশন ভংগ কৰিবলৈ আহ্বান জনালে অসমৰ অন্যতম প্ৰভাৱশালী ছাত্ৰ সংগঠন সদৌ বড়ো ছাত্ৰ সন্থাই (এবছু)। লগতে আন্দোলনৰ সমাধানৰ বাবে শীঘ্ৰেই আলোচনাত বহিবলৈ কেন্দ্ৰীয় চৰকাৰকো দাবী জনায় সংগঠনটোৱে।

কোকৰাঝাৰত সংবাদমেল সম্বোধন কৰি এবছুৰ সভাপতি খোৰামদাও ৱাৰীয়ে কয় যে, ১৮ দিন ধৰি অনশন পালন কৰি থকা সোণম ৱাংচুকৰ স্বাস্থ্য আৰু অধিক বিপদাপন্ন হোৱাটো কোনেও কামনা নকৰে। ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ আন্দোলন চলি থাকক যদিও তেওঁৰ জীৱন বিপদত পেলোৱা উচিত নহয়।

ৱাৰীয়ে কয় যে, যন্তৰ মন্তৰত চলি থকা গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি এবছুৰ পূৰ্ণ সমৰ্থন আছে। শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে জড়িত একাধিক গুৰুত্বপূৰ্ণ বিষয় সোণম ৱাংচুকে উত্থাপন কৰি আহিছে, যিবোৰক চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।

তেওঁৰ ভাষ্য অনুসৰি, জলবায়ু কৰ্মী, শিক্ষাবিদ আৰু ‘উপেন্দ্ৰনাথ ব্ৰহ্ম ছ’লজাৰ অৱ হিউমেনিটি’ বঁটা লাভ কৰা সোণম ৱাংচুকে মানৱতাৰ প্ৰতি থকা দায়বদ্ধতাৰ জৰিয়তে সেই সন্মানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিছে।

প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ নিৰ্ভুল আৰু স্বচ্ছভাৱে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰাৰ লগতে শিক্ষা নীতি অধিক জবাবদিহিমূলক কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে বুলি উল্লেখ কৰে এবছু সভাপতিগৰাকীয়ে।

ৱাৰীয়ে লগতে কয় যে, আন্দোলনকাৰীসকলৰ দাবী বাস্তৱসন্মত। সেইবাবে আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায় এবছুৱে।

একেসময়তে সোণম ৱাংচুকৰ প্ৰতিও আহ্বান জনাই ৱাৰীয়ে কয় যে, তেওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি অনশন ভংগ কৰা উচিত। মানৱতাৰ এজন সৈনিক হিচাপে তেওঁ সুস্থ হৈ থাকি ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ আন্দোলনক আগবঢ়াই নিয়াটো সময়ৰ দাবী।

উল্লেখ্য যে, সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন জনস্বাৰ্থমূলক আবেদনো দাখিল কৰা হৈছে। আবেদনখনত উল্লেখ কৰা অনুসৰি, দীৰ্ঘদিনীয়া অনশনৰ ফলত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে। সেয়ে জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে আন্দোলনকাৰীসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনাত বহিবলৈও ন্যায়ালয়ৰ জৰিয়তে পদক্ষেপ গ্ৰহণৰ অনুৰোধ জনোৱা হৈছে। আবেদনখনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১৬ জুলাই শুনানিৰ দিন ধাৰ্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us