Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

চিজেপিৰ সহ-আহ্বায়ক সৌৰভ দাসক লণ্ডন যাত্ৰাত বাধা; পাছপ’ৰ্টৰ তথ্যত বিসংগতি থকাৰ বাবেই লুকআউট চাৰ্কুলাৰ জাৰি

Table of Content

মুম্বাই আৰক্ষীৰ অনুৰোধমৰ্মে জাৰি কৰা এখন ‘লুকআউট চাৰ্কুলাৰ’ৰ (এলঅ’চি) ভিত্তিতহে যোৱা ২৩ নৱেম্বৰত দিল্লী বিমানবন্দৰত সমাজকৰ্মী সৌৰভ দাসক লণ্ডন অভিমুখে যাত্ৰা কৰাত বাধা দিয়া হৈছিল। বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত এই তথ্য দাখিল কৰে কেন্দ্ৰীয় চৰকাৰে। দিল্লী বিমানবন্দৰত বহিৰ্গমন বিভাগৰ বিষয়াসকলে সৌৰভ দাসক বাধা দিয়াৰ কেইঘণ্টামান পূৰ্বেই এই চাৰ্কুলাৰ জাৰি কৰা হৈছিল। দাসৰ উপৰি যোৱা ২ অক্টোবৰত মুম্বাইৰ দাদৰত সাব্যস্ত কৰা প্ৰতিবাদক কেন্দ্ৰ কৰি চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু আন এজন সহ-আহ্বায়ক আশুতোষ ৰাংকাৰ বিৰুদ্ধেও লুকআউট চাৰ্কুলাৰ জাৰি কৰা হৈছে।

আদালতত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই জনায় যে উপযুক্ত আদালতত এই চাৰ্কুলাৰখনক প্ৰত্যাহ্বান জনাবলৈ সৌৰভ দাসৰ সম্পূৰ্ণ অধিকাৰ আছে। লগতে অধিবক্তাগৰাকীয়ে পুনৰ উল্লেখ কৰে যে সৌৰভ দাসৰ পাছপ’ৰ্টত থকা একাধিক বিসংগতিৰ বাবেও বৰ্তমান তদন্ত চলি আছে আৰু ইয়াৰ ফলত তেওঁৰ নাগৰিকত্বৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। চৰকাৰী পক্ষই যুক্তি দৰ্শায় যে দাসে পুডুচেৰীত থকা নিজৰ জন্মস্থান, ঠিকনা আৰু পিতৃ-মাতৃৰ পৰিচয় সন্দৰ্ভত চলি থকা তদন্তৰ ফলাফললৈ নিৰাপত্তা সংস্থাসমূহে অপেক্ষা কৰি আছে। বিশেষকৈ দাসৰ পাছপ’ৰ্টত পিতৃৰ তথ্য উল্লেখ থাকিবলগীয়া স্থানটো খালী হৈ থকা বুলি আদালতত আঙুলিয়াই দিয়ে চৰকাৰী অধিবক্তাই।

অতিৰিক্ত চলিচিটৰ জেনেৰেল চেতন শৰ্মা আৰু স্থায়ী অধিবক্তা আশীষ দীক্ষিতে ন্যায়াধীশ অমিত মহাজনৰ বিচাৰপীঠত কয় যে যোৱা ২৩ নৱেম্বৰত জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ সৌৰভ দাসে এতিয়ালৈকে নিদিয়াৰ বাবেই তেওঁক লুকআউট চাৰ্কুলাৰৰ প্ৰতিলিপি তৎকালীনভাৱে দিব পৰা নাযাব। শৰ্মাই জনায় যে দাসে তথ্য গোপন কৰি পাছপ’ৰ্ট উলিওৱা বুলি লাভ কৰা তথ্যৰ ভিত্তিত উক্ত জাননীখন দিয়া হৈছিল আৰু উপযুক্ত নথিপত্ৰ দাখিল নকৰিলে তেওঁৰ পাছপ’ৰ্টখন নিলম্বন বা জব্দ হ’ব পাৰে। তদুপৰি যোৱা ৩০ অক্টোবৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়েও দাসৰ পূৰ্বৰ তথ্যৰ তদন্ত বিচাৰি জনোৱা এখন আবেদনৰ ভিত্তিত জাননী জাৰি কৰিছিল বুলি তেওঁ আদালতক অৱগত কৰে।

আনহাতে, সৌৰভ দাসৰ হৈ যুক্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা অখিল চিব্বালে কয় যে তেওঁৰ সৌৰভ দাসক পূৰ্বে কেতিয়াও লুকআউট চাৰ্কুলাৰৰ বিষয়ে জনোৱা হোৱা নাছিল। পাছপ’ৰ্ট সম্পৰ্কীয় কাৰণ দৰ্শোৱাৰ জাননী এখন অমীমাংসিত হৈ থকাৰ অজুহাতত এজন নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰি বুলি যুক্তি দি চিব্বালে কয় যে ভ্ৰমণ কৰাটো এজন নাগৰিকৰ মৌলিক অধিকাৰ। পাছপ’ৰ্টখন এতিয়ালৈকে বাতিল বা জব্দ কৰা হোৱা নাই আৰু দাসে যথাসময়ত জাননীখনৰ উত্তৰ দিব বুলি উল্লেখ কৰি চিব্বালে লুকআউট চাৰ্কুলাৰৰ প্ৰতিলিপি আৰু ইয়াৰ উদ্দেশ্য স্পষ্ট কৰিবলৈ দাবী জনায়। ইফালে সৌৰভ দাসে এক বিবৃতিত এই লুকআউট চাৰ্কুলাৰক চৰকাৰৰ ‘পিছত উদ্ভাৱন কৰা অজুহাত’ বুলি অভিহিত কৰে। বিজয় মালিয়া, নীৰৱ মোদী আৰু মেহুল চক্‌ছীৰ দৰে ঘোষিত পলাতক অপৰাধীসকলক দেশ এৰি যাবলৈ দিয়াৰ বিপৰীতে তেওঁৰ দৰে সমাজকৰ্মীক কিয় বাধা দিয়া হৈছে বুলিও দাসে প্ৰশ্ন তোলে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us