মণিপুৰৰ কুকি আৰু নগা জনগোষ্ঠীৰ মাজত চলি থকা সংঘাত নিৰ্মূল কৰাৰ উদ্দেশ্যে দুয়োপক্ষৰ খ্ৰীষ্টান আৰু নাগৰিক সমাজৰ নেতাসকলে এক দূৰদৰ্শী শান্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। যোৱা দেওবাৰৰ পৰা মঙলবাৰলৈ কলকাতাত অনুষ্ঠিত হোৱা ‘কুকি-নগা প্ৰাৰ্থনা আৰু শান্তি সন্মিলন’ত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ফৰাম ফৰ নগা ৰিকনচিলিয়েচন’ৰ উদ্যোগত আয়োজিত এই তিনিদিনীয়া সন্মিলনৰ অন্তত সংস্থাটোৱে দুয়োটা জনগোষ্ঠীকে ‘খ্ৰীষ্টমাছ যুদ্ধবিৰতি’ৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছে।
ফৰাম ফৰ নগা ৰিকনচিলিয়েচনৰ এক বিবৃতি অনুসৰি, দুয়োটা সম্প্ৰদায়ৰ নেতাসকলে সৎ, মুক্ত আৰু সন্মানজনক আলোচনাত অংশগ্ৰহণ কৰে আৰু ইজনে সিজনক কিমান গভীৰভাৱে আঘাত দিছে তাক স্বীকাৰ কৰে। নেতাসকলে ভয়, ঘৃণা আৰু হিংসাৰ শিকলি চিঙি সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ পথ প্ৰশস্ত কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে। শান্তিৰ পথ সহজ নহয় বুলি উল্লেখ কৰি ইয়াৰ বাবে ৰাজনৈতিক আৰু নৈতিক সাহস তথা ধাৰাবাহিক আলোচনাৰ প্ৰয়োজন বুলি তেওঁলোকে মত প্ৰকাশ কৰে।
এই শান্তি প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰিবলৈ খ্ৰীষ্টমাছৰ পূৰ্বে সকলো পক্ষক সামৰি আন এক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিবলৈ নেতাসকল সন্মত হৈছে। সন্মিলনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে চলি থকা “শব্দৰ হিংসা” বন্ধ কৰিবলৈও আহ্বান জনোৱা হয়। বিবৃতিটোত কোৱা হয় যে মিছা কথা, উৰাবাতৰি আৰু ঘৃণাই জনগোষ্ঠীসমূহৰ মাজত অধিক শত্ৰুতা বৃদ্ধি কৰিছে, যিটো তৎকালীনভাৱে বন্ধ হোৱা উচিত।








