Trending:
/ Nov 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

এনবিটি, সাহিত্য অকাডেমি, পেংগুইন, হাৰ্পাৰ কলিন্সসহ আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে অংশ ল’ব মেলাত

Table of Content

উত্তৰ-পূব ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত ১ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব।

কিতাপৰ প্ৰচাৰ আৰু পঢ়াৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) আৰু পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড, উত্তৰ-পূবে যৌথভাৱে এই গ্ৰন্থ মেলাৰ আয়োজন কৰিব।

গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমাধ্যমৰ আগত বিধায়ক তথা কাৰ্যবাহী সদস্য (বড়োলেণ্ড, শিক্ষা বিভাগ) ৰবিৰাম নাৰ্জাৰীয়ে কোকৰাঝাৰত গ্ৰন্থ মেলা আয়োজনৰ প্ৰস্তুতি চলি থকা বুলি জনায়।

বিটিচিৰ প্ৰাক্তন উপ-মুখ্য তথা বৰ্তমানৰ এমচিএলএ কাম্পা বৰগয়াৰীৰ সভাপতিত্বত এখন আয়োজক সমিতি গঠন কৰা হৈছে।

অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১ ডিচেম্বৰত কোকৰাঝাৰ ফিল্ডত গ্ৰন্থ মেলাখন উদ্বোধন কৰিব।

নাৰ্জাৰীয়ে কয় যে অসম আৰু উত্তৰ-পূবৰ সকলো ৰাজ্যৰ লগতে দেশৰ অন্যান্য ৰাজ্যৰ প্ৰতিষ্ঠিত প্ৰকাশক আৰু বিক্ৰেতাসকলক গ্ৰন্থ মেলাত অংশগ্ৰহণ কৰিবলৈ যোগাযোগ কৰা হৈছে।

তেওঁ লগতে কয় যে অসম সাহিত্য সভাৰ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা, ছাত্ৰ সংগঠন, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান, বিভিন্ন দল আৰু সংগঠনক এই পদক্ষেপক সমৰ্থন কৰিবলৈ আৰু গ্ৰন্থ মেলাখন সফল কৰাত সহায় কৰিবলৈ অনুৰোধ জনোৱা হ’ব।

কিতাপ বিক্ৰীৰ লগতে মেলাখন সাহিত্য-সাংস্কৃতিক আৰু বৌদ্ধিক চৰ্চাৰ ক্ষেত্ৰ হ’ব।

বিটিচি কৰ্তৃপক্ষই ইতিমধ্যে মেলাত বৃহৎ পৰিমাণৰ কিতাপ ক্ৰয় কৰাৰ বাবে পৰ্যাপ্ত পুঁজি আবণ্টন দিছে।

মেলাত ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাসৰ ওপৰত আলোচনা চক্ৰ, লেখক, পাঠক, প্ৰকাশকৰ বাবে ধাৰাবাহিক কাৰ্যসূচী, নৱীন সাহিত্য চৰ্চাকাৰীসকলৰ বাবে বিশেষ কাৰ্যসূচী আৰু শিশুৰ বাবে বিশেষ দিৱস উদযাপন অনুষ্ঠিত হ’ব।

তদুপৰি ১০০০ টকাৰ কিতাপ ক্ৰয় কৰাসকলক কুপন দিয়া হ’ব আৰু লটাৰীৰো ব্যৱস্থা কৰা হ’ব।

উল্লেখযোগ্য যে নেশ্যনেল বুক ট্ৰাষ্ট (এনবিটি), সাহিত্য অকাডেমি, হাৰ্পাৰ কলিন্স, পেংগুইন, বুক ফৰ্ড পাব্লিকেশ্যন, হলিফেইথ পাব্লিকেশ্যন, ইউনিক বুকছ, অসম বুক হাইভ, আংগিক, লয়াৰ্ছ বুক ষ্টল, ৰেখা প্ৰকাশন আৰু কল্যাণী পাব্লিছাৰ্ছ, জলন্ধৰ আদি আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে মেলাত অংশগ্ৰহণ কৰিব।

তদুপৰি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনৰ বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহ গ্ৰন্থ মেলাৰ চৌহদত থকা “বড়োলেণ্ড পেভিলিয়ন”ত প্ৰদৰ্শন কৰা হ’ব।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us