ভাৰতৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ মাজতে ডাঙৰ আঘাতৰ সন্মুখীন হৈছে নিউজীলেণ্ড ক্ৰিকেট দল। ভৰিৰ আঘাতৰ বাবে শৃংখলাটোৰ অৱশিষ্ট মেচসমূহৰ পৰা বাহিৰ হৈছে দলটোৰ তাৰকা দ্ৰুত বলৰ লকী ফাৰ্গুন। হিগলী অ’ভেলত অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচৰ সময়ত তেওঁ সোঁ ভৰিত আঘাত পাইছিল। পৰীক্ষাৰ অন্তত নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে সদৰী কৰা অনুসৰি, এই আঘাতৰ পৰা সম্পূৰ্ণ আৰোগ্য হ’বলৈ ফাৰ্গুনক প্ৰায় এসপ্তাহ সময়ৰ প্ৰয়োজন হ’ব। ফাৰ্গুনৰ স্থানত নিউজীলেণ্ড দলত নতুন পেচাৰ মেট ফিচাৰক অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে, এই শৃংখলাৰ প্ৰথম দুখন মেচত ফাৰ্গুনৰ প্ৰদৰ্শন আছিল ক্ৰমে ০/৩৭ আৰু ১/৩৪।
আন্তর্জাতিক টি-২০ ক্ৰিকেটত ৫৬ খন মেচ খেলে ৭৭ টা উইকেট দখল কৰা অভিজ্ঞ ফাৰ্গুনৰ অনুপস্থিতিয়ে কিৱি শিবিৰত শূন্যতাৰ সৃষ্টি কৰিব। ইফালে, তেওঁৰ স্থান লোৱা মেট ফিচাৰে এতিয়ালৈকে মাত্ৰ দুখন আন্তর্জাতিক টি-২০ মেচ হে খেলিছে। ইফালে দলটোৰ আন এজন প্ৰধান বলৰ মেট হেনৰীও আঘাতগ্ৰস্ত হৈছে। দ্বিতীয় টি-২০ মেচখনৰ সময়ত বিষত ভুগি থকা হেনৰীৰ শৰীৰতো মৃদু পেচীৰ টান ধৰা পৰিছে। অৱশ্যে পৰিকল্পিত কাৰ্যভাৰ ব্যৱস্থাপনা আৰু প্ৰয়োজনীয় চিকিৎসাৰ পাছত আগন্তুক এদিনীয়া শৃংখলাৰ পূৰ্বে হেনৰী সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে। নিউজীলেণ্ডৰ মুখ্য প্ৰশিক্ষক ৰব ৱাল্টাৰে দুয়োগৰাকী প্ৰধান বলৰৰ আঘাতক লৈ দুখ প্ৰকাশ কৰি কয়, আন্তর্জাতিক ক্ৰিকেটত আঘাত সমস্যা এটা অপৰিহাৰ্য অংশ, কিন্তু গুৰুত্বপূৰ্ণ মেচসমূহৰ পৰা খেলুৱৈ বাহিৰ হ’বলগীয়া হ’লে সদায় কষ্টকৰ হয়।
প্ৰশিক্ষকগৰাকীয়ে লগতে জনায় যে পেচাৰ কাইল জেমিছনে কেণ্টাৰবেৰীৰ হৈ ফ’ৰ্ড ট্ৰফী খেলি অহা সোমবাৰে এদিনীয়া শৃংখলাৰ বাবে ৰাষ্ট্ৰীয় দলত যোগ দিব।পাঁচখন মেচৰ টি-২০ শৃংখলাটোত ভাৰতে ইতিমধ্যে ৩-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি শৃংখলা দখল কৰিছে। শৃংখলাৰ চতুৰ্থখন মেচ অহা শুকুৰবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত হ’ব।








