Trending:
/ Oct 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

এছিয়ান গেমছৰ মেৰাথনত ৰূপৰ পদক অৰ্জন সাৱন বৰৱালৰ

Table of Content

এছিয়ান গেমছৰ মেৰাথন প্ৰতিযোগিতাত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ভাৰতীয় সেনাৰ দৌৰবিদ সাৱন বৰৱালে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই চমকপ্ৰদ প্ৰদৰ্শনৰ জৰিয়তে বৰৱালে নিজৰ পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ লগতে এচিয়ান গেমছৰ মেৰাথনত ভাৰতৰ ৪১ বছৰীয়া পদকৰ অপেক্ষাৰ অন্ত পেলায়। জাপানৰ নাগোয়াত অনুষ্ঠিত ৪২.১৯৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কঠিন মেৰাথন ৰেছখন ২৬ বছৰীয়া সাৱন বৰৱালে ২ ঘণ্টা ১১ মিনিট ৩৭ ছেকেণ্ডত সম্পূৰ্ণ কৰে। প্ৰতিযোগিতাত জাপানৰ ইচিতাকা য়ামাছিতাই ২:১০:৪৯ সময় লৈ সোণৰ পদক আৰু চীনৰ পেইয়ু ফেঙে ২:১২:১৩ সময় লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

১৯৮২ চনৰ নতুন দিল্লী এছিয়ান গেমছত হোছুৰ কুকাপ্পা সীথাৰামে লাভ কৰা ব্ৰঞ্জৰ পদকৰ পিছত এচিয়ান গেমছৰ মেৰাথনত এইটো ভাৰতৰ প্ৰথমটো পদক। সাৱন বৰৱাল এছিয়ান গেমছৰ মেৰাথনত পদক জয় কৰা চতুৰ্থগৰাকী ভাৰতীয় এথলিট হিচাপে পৰিগণিত হৈছে। সাৱনে এই বছৰৰে এপ্ৰিল মাহত ৰটাৰডাম মেৰাথনত শিৱনাথ সিংৰ ৪৮ বছৰীয়া পুৰণি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ২:১১:৫৮ সময় গঢ়িছিল। এইটো তেওঁৰ কেৰিয়াৰৰ মাত্ৰ দ্বিতীয়খন মেৰাথন ৰেছ আছিল আৰু ইয়াতো তেওঁ নিজৰেই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।

সফলতাৰ পিছত সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত হিমাচল প্ৰদেশৰ মণ্ডী জিলাৰ যোগিন্দৰ নগৰৰ বাসিন্দা সাৱনে কয়-মই যিদৰে প্ৰশিক্ষণ লৈছিলো, মোৰ মূল লক্ষ্য আছিল দেশৰ বাবে এটা পদক জয় কৰা, ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাতকৈ পদক নিশ্চিত কৰাটোহে মোৰ প্ৰাথমিকতা আছিল। বহু বছৰৰ পিছত (১৯৮২ চনৰ পিছত) দেশলৈ এই পদক আনিবলৈ পাই মই অত্যন্ত আনন্দিত। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আনগৰাকী ভাৰতীয় দৌৰবিদ কাৰ্তিক কাৰ্কেৰাই ২:২২:৪১ সময়েৰে ১৭ নম্বৰ স্থানত ৰেছ সমাপ্ত কৰে।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us