Trending:
/ Oct 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পুনৰ আকাশত মৃত্যুৰ কিৰিলি! সেনাৰ বিমানগ্ৰস্ত হৈ শীৰ্ষ সামৰিক বিষয়াসহ ১৪ গৰাকী আৰোহীৰ কৰুণ মৃত্যু

Table of Content

আকৌ আকাশত উঠিল মৃত্যুৰ কিৰিলি! এইবাৰ আকাশমাৰ্গত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কমেও ১৪ জন লোকে। ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো চমুকৈ ডি আৰ চিৰ দক্ষিণ-পশ্চিম প্ৰান্তত শুকুৰবাৰে সেনাৰ এখন বিশেষ বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলতেই এই ভয়ংকৰ ট্ৰেজেডী সংঘটিত হয়। নিহতসকলৰ ভিতৰত দেশখনৰ কেইবাগৰাকীও শীৰ্ষ সামৰিক বিষয়া থকা বুলি নিশ্চিত কৰিছে কংগোৰ প্ৰশাসনে।

জানিব পৰা মতে, বিমানখনে দক্ষিণ-পশ্চিমৰ চহৰ কিউইটৰ পৰা ৰাজধানী কিনশ্বাছা অভিমুখে উৰা মাৰিছিল। কিন্তু মাজ আকাশত হঠাৎ যান্ত্ৰিক বিজুতিৰ সন্মুখীন হোৱাৰ পিছত বিমানখন কুৱাংগো প্ৰদেশৰ কেংগে চহৰত জৰুৰীভাৱে অৱতৰণ কৰোৱাৰ চেষ্টা চলোৱা হয়। সেই অঞ্চলত কোনো নিৰ্দিষ্ট বিমান অৱতৰণৰ পথ বা ৰাণৱে’ নথকাৰ বাবে বিমানখন পোনে পোনে এটা আৱাসিক এলেকাৰ মাটিত প্ৰচণ্ড জোৰে খুন্দা মাৰি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

কংগোৰ সামৰিক বাহিনীৰ মুখপাত্ৰ মেজৰ জেনেৰেল এফমি একেনগেই প্ৰকাশ কৰা অনুসৰি, বিমানখনত থকা সকলো আৰোহীৰে ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে। প্ৰচণ্ড সংঘৰ্ষৰ ফলত বিমানখনত লগে লগে জুই লাগি উঠে আৰু ১২ গৰাকী আৰোহীৰ মৃতদেহ চিনিব নোৱাৰাকৈ ভস্মীভূত হয়। আনহাতে বিমানৰ পাইলটগৰাকীৰ মৃতদেহ ধ্বংসস্তূপৰ পৰা কিছু দূৰৈত উদ্ধাৰ হয়।

কুৱাংগো প্ৰদেশৰ উপ-ৰাজ্যপাল ৰেমী ছাকি বকিণ্ডাই জনোৱা মতে, নিহতসকলৰ ভিতৰত দুজন সামৰিক জেনেৰেলৰ সৈতে যাত্ৰা কৰা এটা উচ্চস্তৰীয় চৰকাৰী প্ৰতিনিধি দলৰ সদস্য আৰু কেইবাগৰাকীও অসামৰিক নাগৰিকো আছিল। এই হৃদয়বিদাৰক দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে সেনা প্ৰশাসনে এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে। দশক দশক ধৰি সশস্ত্ৰ বিদ্ৰোহীৰ আক্ৰমণত জৰ্জৰিত হৈ থকা মধ্য আফ্ৰিকাৰ খনিজ সমৃদ্ধ দেশখনত সেনা বিমানখন এনেদৰে দুৰ্ঘটনাত পতিত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us