Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত মুখামুখী সংঘৰ্ষ; তিনিটা শিশুকে ধৰি আঠজনৰ কৰুণ মৃত্যু

Table of Content

পুৱতি নিশাৰ এক ভয়াবহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে এটা পৰিয়ালৰ আঠটাকৈ জীৱন। মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত শুক্ৰবাৰে পুৱতি নিশা এখন আইচাৰ ট্ৰাক আৰু বলেৰ’ বাহনৰ মাজত সংঘটিত হয় এই শোকাবহ ঘটনা। এখন তীব্ৰবেগী ট্ৰাকৰ সৈতে হোৱা প্ৰচণ্ড খুন্দাত তিনিটা শিশুকে ধৰি বলেৰ’খনৰ আঠগৰাকী আৰোহী থিতাতে নিহত হয়।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা নাগপুৰ অভিমুখে আহি আছিল যাত্ৰীবাহী বলেৰ’খন। লাখনি তালুকৰ মানেগাঁও আৰু পিম্পলগাঁৱৰ মাজৰ অংশত সন্মুখৰ পৰা অহা আইচাৰ ট্ৰাকখনৰ সৈতে বাহনখনৰ মুখামুখী সংঘৰ্ষ হয়।

সংঘৰ্ষৰ প্ৰকোপ ইমানেই প্ৰচণ্ড আছিল যে বলেৰ’খন পথৰ এটা পাৰে উফৰি পৰে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে বাহনখনত থকা পাঁচজন প্ৰাপ্তবয়স্ক ব্যক্তি আৰু তিনিটা শিশুৰ থিতাতে মৃত্যু ঘটে। আৰক্ষীয়ে সকলো কেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত এক নিয়মীয়া তদন্ত আৰম্ভ কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us