Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অৱশেষত অনুশোচনা পত্নীহন্তা ৰামানুজৰ; কাণ্ডজ্ঞানহীন আচৰণ পাহৰি অপৰাধ স্বীকাৰ

Table of Content

বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰি পত্নীক ডিঙি কাটি হত্যা কৰাৰ পিছত অৱশেষত নিজৰ ভুল বুজি পালে ৰামানুজ গোস্বামীয়ে। গুৱাহাটীৰ বশিষ্ঠপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তজনে পূৰ্বৰ দাম্ভিকতা ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ অপৰাধৰ বাবে অনুশোচনা প্ৰকাশ কৰে। হাতীগাঁও থানাৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত ৰামানুজে কয়, “মই কোনো ডাঙৰ কাম কৰা নাই। মই যি কৰিলো, তেনে কাম কোনেও কেতিয়াও কৰা উচিত নহয়।”

মাত্ৰ দুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কোনো অনুশোচনা নাই বুলি দম্ভালি মৰা হত্যাকাৰীজনৰ এই আকস্মিক পৰিৱৰ্তনে সকলোকে আচৰিত কৰি তুলিছে। মঙলবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত ৰামানুজে মুকলিকৈ আন এক হত্যাকাণ্ডৰ ভাবুকি দিছিল। কিন্তু আৰক্ষীৰ কঠোৰ জেৰাৰ অন্তত নিজৰ ভুল স্বীকাৰ কৰিবলৈ বাধ্য হয় অভিযুক্তই।

ইপিনে, বুধবাৰে হাতীগাঁও আৰক্ষীয়ে বশিষ্ঠপুৰৰ ফ্লেটটোলৈ হত্যাকাৰী ৰামানুজক লৈ গৈ সমগ্ৰ হত্যাকাণ্ডৰ দৃশ্য পুনৰ নিৰ্মাণ কৰে। পত্নী ৰিয়া তালুকদাৰক দাৰে ঘপিয়াই হত্যা কৰাৰ পাছত মূৰ আৰু আঙুলি কাটি পলিথিনত মেৰিয়াই ফ্ৰীজত ভৰাই ৰখা সেই ভয়ংকৰ স্থানৰ পৰা আৰক্ষীয়ে ফ্ৰীজটো ফৰেনছিক পৰীক্ষাৰ বাবে জব্দ কৰিছে।

তদন্তত পোহৰলৈ অহা অনুসৰি, যোৱা বছৰৰ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা পেছাত টেক্সি চালক ৰামানুজ আছিল এজন ড্ৰাগছাসক্ত লোক। পত্নীৰ পৰকীয়া প্ৰেমৰ সন্দেহতে সৃষ্টি হোৱা তৰ্কৰ পৰিণতিত যোৱা শুকুৰবাৰে নিশা ৰিয়াক নৃশংসভাৱে হত্যা কৰে অভিযুক্তই।

ফাঁচী বজাৰৰ এখন বুটিকত কৰ্মৰত ২৫ বছৰীয়া ৰিয়াৰ মৃত্যুৰ পিছতে তেওঁৰ ককায়েকে হত্যাকাৰীৰ ফাঁচীৰ দাবী উত্থাপন কৰিছে। ৰিয়াৰ ককায়েকে কয়, “সি কৰা এই জঘন্য অপৰাধৰ বাবে মই তাৰ মৃত্যুদণ্ড বিচাৰো।” বৰ্তমানেও হাতীগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us