Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা

Table of Content

দিল্লীকেই নিজৰ ঘৰ হিচাপে আকোঁৱালি লোৱা মণিপুৰৰ ৫৪ বছৰীয়া সংগীত শিল্পী চংথাম বিক্ৰম সিঙৰ বাবে ঘৰৰ বাহিৰত হোৱা হুলস্থূল বিৰুদ্ধাচাৰণ কৰা কাৰ্য্য়ই কাল হৈ পৰিল ৷ এখন কাজিয়াই প্ৰাণ কাঢ়িলে শিল্পীগৰাকীৰ ৷দিল্লীত মণিপুৰৰ প্ৰখ্যাত গীটাৰিষ্টক হত্যা। নিহত সংগীত শিল্পীজন ৫৪ বছৰীয়া চোংথাম বিক্ৰম। দক্ষিণ-পূব কিলোকাৰী অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিল্পীজনৰ ঘৰৰ সন্মুখত ডেলিভাৰী কৰ্মীৰে সংঘাত হৈছিল ধাবাৰ কৰ্মচাৰীৰ। ঘটনাত বাধা দিবলৈ গৈছিল চোংথাম বিক্ৰম। চিকিৎসালয়ত মৃত্যুক সাৱটি লয় চোংথাম বিক্ৰমে।৭ ছেপ্টেম্বৰত সংঘটিত এই ঘটনা সন্দৰ্ভত ছানলাইট কলনী আৰক্ষী থানাই ফোনকল লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত এজন নাবালকসহ কেইবাজনো লোকক আটক কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান আক্ৰমণৰ কাৰণ আৰু বিক্ৰম সিঙৰ মৃত্যুৰ সম্পূৰ্ণ পৰিস্থিতি তদন্ত কৰি আছে। তদন্তৰ ভিত্তিত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us