Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ৰাষ্ট্ৰীয় ঘাইপথত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ! ৫ গৰাকী মহিলাসহ নিহত ৬, আহত ২০

Table of Content

ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ জন লোকে। ভয়ংকৰ দুৰ্ঘটনাটোত আহত হয় আন ২০ জন যাত্ৰী। তেলেংগানাৰ সূৰ্য্যপেট জিলাৰ ডোৰাকুন্টাত হায়দৰাবাদ-বিজয়ৱাড়া ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱা প্ৰায় ৫ বজাত এখন যাত্ৰীবাহী ব্যক্তিগত বাছ আৰু লোৰ পাইপ কঢ়িওৱা ট্ৰাকৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীৰ তথ্য অনুসৰি, নিহতসকলৰ ভিতৰত পাঁচগৰাকীয়েই মহিলা।

লোৰ পাইপভৰ্তি ট্ৰাকখনে আন এখন বাহনক অতিক্ৰম কৰাৰ চেষ্টা চলোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত ট্ৰাকখনৰ আধাপ্ৰান্ত ডিভাইডাৰৰ ওপৰত আৰু বাকী অংশ পথৰ মাজভাগত আৱদ্ধ হৈ ৰয়। তাৰ কিছু সময়ৰ পিছতে হায়দৰাবাদৰ পৰা অন্ধ্ৰপ্ৰদেশৰ এলুৰু অভিমুখী যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই থমকি ৰোৱা ট্ৰাকখনৰ পিছফালে প্ৰচণ্ড বেগেৰে খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত বাছখনৰ সোঁফালৰ এটা বৃহৎ অংশ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। বাছখনত থকা ৪০ জনৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰ লাগে আৰু বহু যাত্ৰী ভিতৰতে আৱদ্ধ হৈ পৰে। একাংশ যাত্ৰীয়ে খিৰিকীৰে জপিয়াই প্ৰাণ ৰক্ষা কৰে। স্থানীয় ৰাইজ আৰু প্ৰত্যক্ষদৰ্শীৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত কিছু সময়ৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us