Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বানবিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ; নতুন দিল্লীত নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

Table of Content

শেহতীয়া বিধ্বংসী বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ তৎকালীন পুনৰ নিৰ্মাণ আৰু ৰাজ্যৰ পথ আন্তঃগাঁথনি অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বানৰ ফলত ক্ষতিগ্ৰস্ত ঘাইপথসমূহ তৎকালীনভাৱে মেৰামতি কৰাৰ সমান্তৰালকৈ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পথ যোগাযোগ ব্যাহত নোহোৱাৰ বাবে এক দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণৰ ওপৰত বৈঠকত জোৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসমৰ ভৌগোলিক পৰিস্থিতি আৰু বানপ্ৰৱণ অঞ্চলসমূহৰ তথ্য-অভিজ্ঞতাক ঘাইপথ নিৰ্মাণ পৰিকল্পনাত অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তা ব্যক্ত কৰি তেওঁ কয় যে কালভাৰ্ট আৰু দলঙৰ সঠিক স্থান নিৰ্ধাৰণ তথা উন্নত নক্সাৰ জৰিয়তেহে জলনিষ্কাশন ব্যৱস্থা অধিক শক্তিশালী কৰিব পৰা যাব। ইয়াৰ দ্বাৰা ঘাইপথসমূহ বানপানীৰ কবলৰ পৰা ৰক্ষা পৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

বৈঠকত যোৰাবাটৰ জটিল আৰু বাৰে বাৰে সৃষ্টি হোৱা কৃটিম বান সমস্যা সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। উক্ত এলেকাৰ ঘাইপথ আন্তঃগাঁথনিৰ সামগ্ৰিক পুনৰ-নক্সা প্ৰস্তুত কৰি এক স্থায়ী অভিযান্ত্ৰিক সমাধান উলিয়াবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ উপৰি কাজিৰঙা এলিভেটেড কৰিডৰ আৰু গুৱাহাটী ৰিং ৰোডৰ দৰে মেগা প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰি কাম-কাজ ত্বৰান্বিত কৰাৰ লগতে ৰাজ্যৰ মুখ্য ঘাইপথসমূহৰ উন্নীতকৰণৰ বিষয়েও আলোচনা অনুষ্ঠিত হয়। বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ পথ যোগাযোগ ব্যৱস্থা সুচল আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে।

উক্ত বৈঠকত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসমৰ মুখ্য সচিব ড° ৰৱী কোটা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড° কে কে দ্বিবেদীৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us