নিয়মীয়া নিযুক্তি লাভ কৰাৰ পিছতো চলিত মাহৰ দৰমহা লাভ নকৰাত উদ্বিগ্ন হৈ পৰা শিক্ষকৰ আশংকা দূৰ কৰিবলৈ আগবাঢ়ি আহিল শিক্ষা বিভাগ। সৰ্বশিক্ষা অভিযানৰ অধীনত ঠিকাভিত্তিকভাৱে কাম কৰি বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিয়মীয়া নিযুক্তি লাভ কৰা শিক্ষকসকলৰ দৰমহা বিলম্ব সাময়িকহে বুলি বৃহস্পতিবাৰে স্পষ্ট কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
শিক্ষকসকলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহি বিষয়টো আলোচনা কৰাৰ পিছত ৰণোজ পেগুৱে কয়, “এই শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যা নাই। চলিত মাহত অলপ বিলম্ব হৈছে যদিও পূৰ্বৰ দৰেই অহা দুদিনৰ ভিতৰত তেওঁলোকে দৰমহা লাভ কৰিব।”
শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, বিত্তীয় ব্যৱস্থাত চলি থকা সংস্কাৰৰ বাবে দৰমহা প্ৰদানৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰা হৈছে। পূৰ্বতে জিলা কোষাগাৰৰ জৰিয়তে দৰমহা লাভ কৰা শিক্ষকসকলৰ চলিত মাহৰ দৰমহা নতুন ব্যৱস্থাৰ অধীনত দিছপুৰ কোষাগাৰৰ জৰিয়তে প্ৰদান কৰা হ’ব।
নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে লাভ কৰা দৰমহা, সেৱা-সুবিধা আৰু অন্যান্য অধিকাৰত কোনো পৰিৱৰ্তন হোৱা নাই বুলিও স্পষ্ট কৰে পেগুৱে। ফিনঅসম পৰ্টেলত শিক্ষকসকলৰ হিচাপ সংযোজন কৰা হৈছে আৰু আগলৈ দৰমহা, দৰমহাৰ পৃষ্ঠা তথা অন্যান্য সেৱা-সম্পৰ্কীয় কাম-কাজ এই ব্যৱস্থাৰ জৰিয়তে সম্পন্ন হ’ব।
এই বিলম্ব কেৱল চলিত মাহৰ বাবে হোৱা এককালীন সমস্যা বুলি উল্লেখ কৰি শিক্ষকসকলক উদ্বিগ্ন নহ’বলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে। সৰ্বশিক্ষা অভিযানৰ অধীনৰ সেৱা সম্পূৰ্ণ কৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰা শিক্ষকসকলে ভৱিষ্যতেও নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য সকলো সেৱা-সুবিধা লাভ কৰি থাকিব বুলি আশ্বাস দিয়ে ৰণোজ পেগুৱে।








