স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত তেওঁ অষ্ট্ৰেলিয়াৰ এমা-ছু গ্ৰীণ্টিৰ মুখা-মুখী হ’ব।ভাৰতীয় সময় অনুসৰি নিশা ১০.১৫ বজাত এই ফাইনেল মেছখন অনুষ্ঠিত হ’ব। ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ৰূপৰ পদক নিশ্চিত হৈ পৰিল লাভলীনাৰ।








