Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে…

Table of Content

অখিল গগৈয়ে এইবাৰ ঠেলাত আনিলে মাছ, ব্ৰইলাৰ মুৰ্গী, কণী, চুপাৰী আদি সামগ্ৰী । দেখুৱালে কি দৰে ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে…। বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা সদনৰ বাহিৰত ছিণ্ডিকেট বাবে মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি বিধায়ক গগৈয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।লগতে কাৰ্টুনৰ যোগেদি কিদৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সামগ্ৰীৰ ছিণ্ডিকেট চলাই আছে তাক দাঙি ধৰে ।সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, “প্ৰতিটো সামগ্ৰীতে ছিণ্ডিকেট চলাই থকা হৈছে । যাৰ বাবে মূল্যবৃদ্ধি হৈছে । বাৰ্মাৰ এক কেজি চুপাৰীত ৬০ টকাকৈ গুণ্ডাটেক্স লোৱা হয় । চুপাৰীৰ এক ট্ৰাকত ২৪ লাখ টকাৰ গুণ্ডাটেক্স লয় । আমাৰ অসমৰ স্থানীয় চুপাৰীৰ ক্ষেত্রত ৩২ টকাকে টেক্স লয় । চুপাৰীৰ ক্ষেত্রত এই টেক্স লয় হৰেন মহন্তই । কয়লা, গৰু প্ৰতিটোতে ছিণ্ডিকেট আছে । আনহাতে কাঠৰ ছিণ্ডেকেটৰ ধন উঠাই গোবিন্দ সৰকাৰে । অসমৰ পৰা যোৱা আৰু অসমলৈ অহা সকলো সামগ্ৰীতে গুণ্ডাটেক্স লোৱা হয়।”

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us