মৰাণসকলক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীৰে পুনৰ এক বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম মৰাণ ছাত্ৰ সন্থাই ।ছাত্ৰ সন্থাৰ আহ্বানত কাকপথাৰৰ ৰাজপথত হাতত জোঁৰ লৈ হাজাৰ হাজাৰ লোক ওলাই আহিল । ‘‘জনজাতিকৰণ লাগিবই, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, বিজেপি হায় হায়, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব, আমাক স্বায়ত্তশাসন প্ৰদান কৰক, মৰাণ ঐক্য জিন্দাবাদ’’ আদি বিভিন্ন শ্ল’গানেৰে কাকপথাৰৰ ৰাজপথ উত্তাল কৰি তোলে জনগোষ্ঠীটোৰ লোকসকলে ।








