৩য় গুৱাহাটী স্মাৰ্ট চিটি ইণ্টাৰনেশ্যনেল অ’পেন ফিদে ৰেটিং দবা প্ৰতিযোগিতা আজিৰ পৰা ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪৭৩ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ২ গৰাকী ইণ্টাৰনেশ্যনেল মাষ্টাৰ, ২ গৰাকী ফিদে মাষ্টাৰ আৰু ২ গৰাকী কেণ্ডিডেট মাষ্টাৰ আছে।
আন্ধ্ৰ প্ৰদেশৰ ইণ্টাৰনেশ্যনেল মাষ্টাৰ এম ডি ইমৰাণক প্ৰতিযোগিতাৰ শীৰ্ষ বীজ ১ নম্বৰত ৰখা হৈছে। তামিলনাডুৰ ইণ্টাৰনেশ্যনেল মাষ্টাৰ আৰ ভি এছ ৰতনভেল দ্বিতীয় বীজ আৰু ৰাজস্থানৰ ফিদে মাষ্টাৰ অৰুণ কাতাৰিয়া তৃতীয় বীজ।
প্ৰথম ৰাউণ্ডত শীৰ্ষ বীজধাৰী খেলুৱৈসকলৰ ভিতৰত ইণ্টাৰনেশ্যনেল মাষ্টাৰ এম ডি ইমৰাণ, আৰ ভি এছ ৰতনভেল আৰু ফিদে মাষ্টাৰ অৰুণ কাতাৰিয়াসহ সকলোৱে নিজ নিজ খেলত জয়লাভ কৰে।
ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখন ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধি, অল ইণ্ডিয়া চেছ ফেডাৰেচনৰ সভাপতি নিতিন নাৰং, অল অসম চেছ এছ’চিয়েচনৰ সভাপতি মূকুতা ডেকা আৰু সাধাৰণ সম্পাদক ৰাজীৱ ধৰ উপস্থিত থাকে।
অল অসম চেছ এছ’চিয়েচনৰ উদ্যোগত ১৪ জুলাইৰ পৰা ১৭ জুলাই, ২০২৬ লৈ অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতা ৯ ৰাউণ্ডৰ ছুইছ লীগ পদ্ধতিত অনুষ্ঠিত হৈছে।








