ভাৰতীয় মল্লযুদ্ধ ইতিহাসত এক স্বৰ্ণিল অধ্যায় সংযোজন কৰি মনীষা ভানৱালাই প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ‘বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপ’ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এই প্ৰতিযোগিতাত মনীষাই মহিলাৰ ৫৯ কেজি ওজনৰ শাখাৰ চূড়ান্ত যুঁজত এক অবিশ্বাস্য প্ৰত্যাৱৰ্তন সাব্যস্ত কৰি এই ঐতিহাসিক গৌৰৱ অৰ্জন কৰে। চূড়ান্ত মেচখনত ২৯ বছৰীয়া মনীষাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এবিগেইল নেটৰ বিৰুদ্ধে আৰম্ভণিতে ০-৬ ব্যৱধানত পিছপৰি আছিল।
প্ৰথমটো পৰ্যায়ত নেটৰ আক্ৰমণাত্মক খেলৰ সন্মুখত মনীষা শংকটাপন্ন অৱস্থাত পৰিছিল যদিও দ্বিতীয়টো পৰ্যায়ত তেওঁ চমকপ্ৰদ ক্ৰীড়া প্ৰদৰ্শন কৰে। ৭ পইণ্টৰ ধাৰাবাহিক জয়ৰে মেচখনলৈ প্ৰত্যাৱৰ্তন কৰি শেষত ৮-৬ ব্যৱধানত নেটক পৰাস্ত কৰে। বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মনীষা ভানৱালাই হ’ল ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু। ২০১০ চনত সুশীল কুমাৰে (পুৰুষৰ ৬৬ কেজি শাখা) জয় কৰা স্বৰ্ণ পদকৰ পাছত মনীষা হ’ল এই অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মল্লযুঁজাৰু।
এইবাৰৰ প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা দলে এক অভূতপূৰ্ব সফলতা অৰ্জন কৰে, য’ত তিনিগৰাকী মল্লযুঁজাৰুৱে ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰে। ইয়াৰ পূৰ্বে নীলম সিৰোহী (৫০ কেজি) আৰু কাজল ধোচাকে (৭৬ কেজি) ৰূপৰ পদক অৰ্জন কৰিছিল। মনীষাৰ এই অভূতপূৰ্ব বিজয়ে ভাৰতীয় ক্ৰীড়া জগতলৈ এক বৃহৎ গৌৰৱ কঢ়িয়াই আনিছে আৰু সমগ্ৰ দেশজুৰি আনন্দৰ ঢৌ তুলিছে।








